দুমাহৰ পিছতো আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই কিশোৰী বলাৎকাৰৰ ২ অভিযুক্তক…

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি আৰক্ষী থানাৰ অধীনৰ ভৰালীচুক গাৱঁৰ এটা দৰিদ্ৰ পৰিয়ালৰ এটি কিশোৰীক চিচিবৰগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীপানীৰ দেউৰী গাঁৱৰ দুই লম্পট ৰাজেশ দেউৰী আৰু ৰজনী দেউৰীয়ে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
এই ঘটনাৰ হৈ যোৱা দুমাহৰ পিছতো আজি পৰ্যন্ত দুই বলৎকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে যোৱা ২০ জানুৱাৰীত ঘটনা সংঘটিত হোৱা কিছু সময়ৰ পিচতেই পৰিয়ালৰলোকে কিশোৰীগৰাকীৰ স্বীকাৰোক্তি ভিত্তিত প্ৰথমে চিচিবৰগাওঁ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷ইয়াৰ পিছত আকৌ ধেমাজি জিলা শিশু সুৰক্ষা বিষয়াকো ঘটনাৰ বিষয়ে অৱগত কৰিছিল যদিও বলাৎকাৰীক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী থানাই সক্ষম নোহোৱাত পুনৰ দেওবাৰে জিলা আৰক্ষী অধীক্ষকক অৱগত কৰি শীঘ্ৰেই অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ পৰিয়ালবৰ্গই অভিযোগ দাখিল কৰিছে ৷
আজি দুমাহেই আৰক্ষীয়ে দোষীক বিচাৰি শাস্তি নিদিয়াত ভুক্তভোগী পৰিয়ালবৰ্গই হতাশ হৈ পৰিছে । সেইয়ে দেওবাৰে পৰিয়ালবৰ্গই ধেমাজি আৰক্ষী অধীক্ষকক দিয়া অভিযোগ পত্ৰৰ জৰিয়তে বলাৎকাৰী দুই লম্পটক উপযুক্ত শাস্তি দি ন্যায় দিবৰ বাবে কাতৰে অনুৰোধ জনাইছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/qugkfiO
via IFTTT
Comments
Post a Comment