বিটিআৰত দৰমহাৰ পৰা বঞ্চিত শিক্ষক, মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিআৰৰ প্ৰায় দুশখন মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে যোৱা ফেব্ৰুৱাৰীৰ পৰাই দৰমহা নোপোৱাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই মাহিলী দৰমহাৰ পৰা বঞ্চিত হোৱাত আজি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাই ৷ আজি কোকৰাঝাৰত আয়োজিত এক সংবাদমেলত অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ বিটিআৰ ক্ষেত্ৰীয় কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰাজ কুমাৰ চুবেদী আৰু ফৈলাও ব্ৰহ্মই কয় যে ফেব্ৰুৱাৰী মাহৰ পৰাই শিক্ষকসকলে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে ।

এইক্ষেত্ৰত বিটিচি চৰকাৰৰ শিক্ষা বিভাগৰ খামখেয়ালীক সমালোচনা কৰি সন্থাই অনাদেয় দৰমহা পৰবৰ্তী সময়ত শিক্ষক সকলে পাবনে নাই সেয়াও বৰ্তমান সন্দেহৰ আৱৰ্তত আছে । চলিত বৰ্ষৰ মাৰ্চ মাহ” ইয়াৰ ইন্ডিং”
হোৱা হেতুকে আৰু বিলৰ বাবে ১৮ মাৰ্চ অন্তিম সময়সীমা চৰকাৰে বান্ধি দিয়াৰ পিছত বিটিচি শিক্ষা সঞ্চালকয়ৰ কাৰ্যালয়ে বিটিআৰৰ সহস্ৰাধিক মাধ্যমিক শিক্ষক কৰ্মচাৰী সকলৰ দৰমহা আদায়ৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিণতিতে শিক্ষক- কৰ্মচাৰী সকল দৰমহাৰ পৰা বঞ্চিত হবলগা হ’ল বুলি আক্ষেপ প্ৰকাশ কৰে ।

যিকোনো উপায়েৰে শিক্ষকসকলৰ প্ৰাপ্য দৰমহা মোকোলাই দিবলৈ আহ্বান জনাই ইয়াৰ অন্যথা শিক্ষক -কৰ্মচাৰীসকলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ বিটিআৰ ক্ষেত্ৰীয় কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰাজ কুমাৰ চুবেদী আৰু ফৈলাও ব্ৰহ্মই ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/QxSeFpz
via IFTTT

Comments