দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং…

ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং। আজি দুপৰীয়া ৩বজাত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠান। যোৱা দেওবাৰে মণিপুৰত বিজেপিৰ শীৰ্ষ নেতৃত্ব উপস্থিত হৈ ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ নাম।

মণিপুৰৰ মুখ্যমন্ত্ৰীত্বৰ দৌৰত আছিল বীৰেন সিঙৰ লগতে বিশ্বজিত সিঙৰ নামো। কিন্তু শেষ সময়ত হাইকামাণ্ডে ভৰষা ৰাখে বীৰনে সিঙৰ ওপৰতে। ইম্ফলত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কিৰেন ৰিজিজুয়ে ঘোষণা কৰা বীৰেন সিঙৰ নাম।

উল্লেখ্য যে, বীৰেন সিং সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে আছিল এগৰাকী সুদক্ষ ফুটবলাৰ। বি এছ এফতো কাম কৰাৰ উপৰি এগৰাকী সাংবাদিক হিচাপেও কিছুদিন কাম কৰিছিল বীৰেন সিঙে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/HXsgtAE
via IFTTT

Comments