বিভিন্ন ঠাইত সন্ত্ৰাস সৃষ্টি কৰি অহা দুধৰ্ষ ডকাইত বাবা লাহণ শিৱসাগৰ আৰক্ষীৰ জালত

ডিজিটেল সংবাদ, শিৱসাগৰ: সুদীৰ্ঘ পাঁচটা বছৰতকৈও অধিক সময় উজনি অসমৰ শিৱসাগৰক সামৰি পাঁচ খন জিলাতেই ডকাইতি কাণ্ডৰে সন্ত্ৰাস আৰু আতংকৰ সৃষ্টি কৰি অহা দুধৰ্ষ ডকাইত বাবা লাহণ অৱশেষত বন্দী শিৱসাগৰ আৰক্ষীৰ জালত ৷ শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশ্বনৰ নিখুঁত পৰিকল্পনাত আৰক্ষীয়ে অভিযান চলাই এই দুধৰ্ষ ডকাইতটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে দুধৰ্ষ বাবা লাহণৰ জিম্মাৰ পৰা কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষ্যম হৈছে ৷সমগ্ৰ উজনি অসমৰ আটাই কেইখন জিলাৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণী স্বৰূপ দুধৰ্ষ ডকাইতটোক শিৱসাগৰ আৰক্ষীয়ে পৰিকল্পিত অভিযান চলাই আটক কৰাৰ ঘটনাত স্বস্তিৰ নিশ্বাস পেলাইছে সৰ্বসাধাৰণ ৰাইজে ৷ উজনি অসমৰ প্ৰতিখন আৰক্ষী থানাতেই একাধিক ডকাইতিৰ গোচৰ পঞ্জীয়ণ হৈ থকা বাবা লাহণৰ নেতৃত্বত গঠিত পাঁচ জনীয়া এটা গোটে শেহতীয়াকৈ শিৱসাগৰত সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷

এই ডকাইতি কাণ্ডৰ লগত জড়িত অপৰাধীৰ সন্ধানত শিৱসাগৰ আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ আঁত ধৰি এই অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷উল্লেখ্য যে, বিগত ২৮ ফেব্ৰুৱাৰীৰ নিশা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পোনজান পথৰ নিৱাসী প্ৰৱীন আগৰৱালা নামৰ ব্যক্তিজনৰ গৃহত এক ডকাইতি কাণ্ড সংঘটিত হৈছিল ৷ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ণ কৰি তদন্ত আৰম্ভ কৰাৰ সময়তেই উন্মোচিত হৈছিল এই ভয়ংকৰ ডকাইতিৰ কাণ্ডৰ আঁৰত গেং অৱ ফৰ নামৰ ডকাইতৰ দলটোৰ লোক জড়িত থকাৰ তথ্য লাভ কৰিছিল ৷

এই তথ্যৰ ভিত্তিতেই আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশ্বনে তৈয়াৰ কৰিছিল এখন পৰিকল্পিত নাটক ৷এই পৰিকল্পিত কৌশলৰ ভিত্তিতেই সম্প্ৰতি আৰক্ষীৰ সৈতে নিৱিড় সম্পৰ্ক থকা এটা অভিযুক্তৰ সৈতে ৰচনা কৰিছিল এক ডকাইতিৰ পৰিকল্পনা ৷পৰিকল্পনাৰ মতেই বৃহস্পতিবাৰে মৰাণৰ নিৱাসী বাবা লাহণক শিৱসাগৰত আৰক্ষীয়ে ৰচনা কৰা নাটকৰ ভিত্তিত চোৰাংচোৱা ৰুপী দুধৰ্ষ অপৰাধীটোৱে বাবা লাহণক এখন যাত্ৰী বাহী বাছত তুলি শিৱসাগৰলৈ আনি থকাৰ সময়তেই দৰিকাপাৰ গাহৰি কটা তিনিআলিত খাপ পিটি থকা আৰক্ষীৰ দলে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ অন্তত সদৰ আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰখা বাবাই ফাদিল কৰিছে ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য ৷গেং অৱ ফৰ হিচাবে পৰিচিত বাবাৰ গ্ৰেপ্তাৰক লৈ সাধাৰণ ৰাইজ উৎফ্যুলিত হৈ থকাৰ সময়তেই আন চাৰিটা সহযোগীকো তাৎক্ষণিক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/bdgut3L
via IFTTT

Comments