পৰীক্ষাত সফলতা লাভৰ বাবে মোডীয়ে দিব টিপছ ! ১ এপ্ৰিলত পৰীক্ষা পে চৰ্চা…

ডিজিটেল ডেস্কঃ ১ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোডীয়ে পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ২০১৮ চনৰ পৰা অনুষ্ঠিত কৰি অহা এই অনুষ্ঠানে এইবাৰ পঞ্চমটো বৰ্ষত ভৰি দিব। বিগত ৪ টা বছৰত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলক সম্বোধন কৰিব।
উল্লেখ্য যে মোডীৰ এই অনুষ্ঠানৰ বিষয়ে টুইটাৰৰ জৰিয়তে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মন্তব্য কৰিছে। তেওঁ দেশৰ সকলো শিক্ষানুষ্ঠানত এই অনুষ্ঠান দেখুওৱাৰ বাবে আহ্বান জনাইছে। ইয়াৰ উপৰিও শিক্ষাৰ্থী, অভিভাৱকসকলক এই অনুষ্ঠানত অংশ লবলৈ আহ্বান জনাইছে।
এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে পৰীক্ষাত সফলতা লাভৰ বাবে শিক্ষাৰ্থী সকলক প্ৰেৰণা যোগাব। মোডীৰ এই অনুষ্ঠান দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত সম্প্ৰচাৰৰ ব্যৱস্থা কৰাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা চলাইছে। অসমৰো শিক্ষানুষ্ঠাসমূহত পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠান শিক্ষাৰ্থীক দেখুওৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/X0218jD
via IFTTT
Comments
Post a Comment