নিৰীহৰ ওপৰত গৰম হোৱা আৰক্ষীলৈ মৰম কিয়?

মৃদুল কুমাৰ সন্দিকৈ

কলো আৰক্ষীয়ে বেয়া নহয়। ভাল আৰক্ষীৰ তুলনাত বেয়া আৰক্ষী তেনেই নগণ্য। এক প্ৰকাৰৰ উদণ্ড এইসকল আৰক্ষীৰ বাবেই বদনামৰ চেকা লাগে আৰক্ষী বাহিনীত। আৰক্ষীক সংস্কাৰ আৰু তেওঁলোকৰ দায়িত্ব তথা কৰ্তব্যৰ সন্দৰ্ভত সোৱৰাইঁ দিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয়।

শান্তক পালন আৰু দুষ্টক দমন নীতিৰ বিপৰীতে সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰক্ষীক কোনো লাইচেঞ্চ দি থোৱা নাই। গুৱাহাটী মহানগৰীত সংঘটিত বিকি গুপ্তাক মাৰপিটৰ ঘটনাৰ পাছত আৰক্ষীয়ে অনুধাৱন কৰিব হয়তো পাৰিছে যে, ইচ্ছা কৰিলেই তেওঁলোকে সকলো কাম কৰিব নোৱাৰে।

কণমাণি কন্যা আৰু পত্নীৰ সন্মুখত যান-বাহন শাখাৰ এজন আৰক্ষীকে ধৰি কেইবাজনো আৰক্ষীয়ে যি পৰ্যায়লৈ গৈ আক্ৰমণ চলাইছিল তাৰ ধিক্কাৰ এতিয়া সৰ্বত্ৰে। ইমানৰ পাছতো বিকি গুপ্তাক কাৰাগাৰলৈ প্ৰেৰণ কৰি আৰক্ষীয়ে অনুশোচনাৰ বিপৰীতে তেওঁলোকেই সঠিক কৰিছে বুলি আৰক্ষীক প্ৰদান কৰা ক্ষমতাৰে আন এক অপৰাধ সংঘটিত কৰিলে।

সমগ্ৰ ঘটনাৰ দৃশ্যপট কোনো লোকে মোবাইলত বন্দী কৰি থোৱাৰ বাবেহে আজি বিকি গুপ্তাক লৈ এনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হল। খোদ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানে কবলৈ বাধ্য হল যে, এ টি ৰোডত বিকি গুপ্তাৰ সৈতে আৰক্ষীয়ে যি কৰিছিল, সেয়া ভাল কৰা নাছিল।

মুখ্যমন্ত্ৰীৰ একপ্ৰকাৰৰ নিৰ্দেশত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ উচ্চ পদস্থ আৰক্ষী বিষয়া গৈ তেওঁক ক্ষমা বিচাৰি সসন্মানেৰে জেলৰ বাহিৰলৈ অনাৰ বাবেও প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি আৰক্ষী সঞ্চালক প্ৰধানে ইতিমধ্যে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী, কেইবাগৰাকী মন্ত্ৰী, আইনজীৱি আৰু সামাজিক মাধ্যমত সেইসকল আৰক্ষীক সমালোচনা কৰা হৈছে।

মহানগৰীৰ এই ঘটনাৰ বিপৰীতে ৯মাৰ্চত বৰপেটাৰ ভাতকুছিঁত আন এক ঘটনা সংঘটিত হৈছিল। বৰপেটা সদৰ থানাৰ এটা আৰক্ষীৰ দলে কৃষ্ণ পাঠক নামৰ এজন ২৮বছৰীয়া যুৱকক আনি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল। আৰক্ষীয়ে যুৱকজনক এনেদৰে নিৰ্মম অত্যাচাৰ কৰাৰ কাৰন আছিল যুৱকজনে আৰক্ষীয়ে সংঘটিত কৰিব খোজা এক কাণ্ডৰ বিৰোধিতা কৰিছিল।

সেইদিনা আৰক্ষীয়ে চুলাইৰ বিৰুদ্ধে অভিযান চলাই বহু পৰিমাণৰ চুলাই জব্দ কৰিছিল। আৰু সেই জব্দ কৰা চুলাইখিনি কৃষ্ণৰ ঘৰৰ সন্মুখত থকা এটা পুখুৰীত পেলাই থাকোতে তেওঁ আৰক্ষীক কৈছিল যে, সেই পুখুৰীটোৰ পানী ওচৰ চুবুৰীয়াৰ লগতে স্থানীয় লোকেও খায়।

এই কাৰ্যতে আৰক্ষীয়ে যুৱকজনক কৰ্তব্যত বাধা দিয়া বুলি থানালৈ আনি অমানৱীয় অত্যাচাৰ চলাইছিল। তেওঁৰ পিঠিত আৰক্ষীৰ অত্যাচাৰৰ চিন স্পষ্ট হৈ আছে। ১০মাৰ্চৰ নিশা যুৱকজনক আৰক্ষীয়ে এৰি দিলে। আৰক্ষীক এনেকৈ এজন নিৰীহ যুৱকক অত্যাচাৰ কৰিবলৈ কোনো সাহস দিছে।

ইয়াৰ বিৰুদ্ধে যুৱকজনে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ কাষ চাপি কোনো ন্যায় নাপাই ১৪/৩/২০২২ত অসম মানৱ অধিকাৰ আয়োগৰ ওচৰত গোচৰ ৰুজু কৰিছে। ডেকা উপাধিধাৰী বৰপেটা সদৰ থানাৰ এজন বিষয়াৰ নেতৃত্বত এই অত্যাচাৰ চলোৱা হৈছিল।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজন নিৰীহ যুৱকৰ ওপৰত আৰক্ষীয়ে চলোৱা এই অত্যাচাৰৰ খবৰ পাইছেনে? আৰক্ষীক ৰুচীপূৰ্ণ আৰু ভদ্ৰ আচৰণেৰে জনমুখী কৰাত বিভিন্ন সময়ত পদক্ষেপ লৈ অহা সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কৃষ্ণ পাঠকক ন্যায় দিব পৰাকৈ কিবা এটা কৰিবনে!

এইবোৰ ঘটনাৰো কিন্তু বিৰূপ প্ৰভাৱ পৰিব আৰক্ষীৰ ওপৰত। হয়তো বিকি গুপ্তাৰ কাণ্ডৰ দৰে গাঁৱৰ সেই সাধাৰণ লৰাটোক আৰক্ষীয়ে প্ৰহাৰ কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি নোহোৱাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

বিকি গুপ্তাৰ কাণ্ডতকৈ এই কাণ্ড কোনো গুণে কম নহয়। এনে মানসিকতাৰে সাধাৰণ লোকৰ ওপৰত আৰক্ষীৰ নামত দাদাগিৰি চলোৱা এইসকল বিষয়াৰ বিৰুদ্ধে কিয় বিভাগীয় ব্যৱস্থা ল’ব নোৱাৰে আৰক্ষী সঞ্চালক প্ৰধানে। তেওঁলোকে সংবাদমাধ্যম ঢুকি নাপায়। আৰক্ষী সঞ্চালক প্ৰধানক লগ কৰাটো তেওঁলোকৰ বাবে কল্পনা। মুখ্যমন্ত্ৰীক কেনেদৰে এই ঘটনাৰ সন্দৰ্ভত অৱগত কৰিব লাগে সেই কথাও হয়তো কৃষ্ণই নাজানে।

কৃষ্ণৰ নাই টুইটাৰ একাউন্ট। অসমীয়া প্ৰতিদিন ডিজিটেলে এই কাণ্ড পোহৰলৈ আনি ইয়াৰ বিৰুদ্ধে উচিত অনুসন্ধানৰ দাবী তুলিছিল। কিন্তু নিমাত আৰক্ষীৰ বৰমূৰীয়াসকল। বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কৃষ্ণৰ ঘৰলৈ গৈ তেওঁ নথকাৰ বাবে এই ঘটনা ঘটিল বুলি কৈ সান্তনা দি আহিছে।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এবাৰ খবৰ লওঁক কি হৈছিল আচঁলতে কৃষ্ণৰ সৈতে। যদি তেওঁ দোষী আছিল কিয় এৰি দিয়া হ’ল? আৰক্ষীয়ে যি ইচ্ছা তাকেই কৰিব পাৰে নেকি? নিজৰ ভুল লুকুৱাবলৈ আৰক্ষীয়ে বহু নাটকৰ ৰচনা কৰে। বিকি গুপ্তাৰ সৈতে কৰা নাটকখনত ধৰা পৰি গ’ল সেই অপৰাধী আৰক্ষী কেইগৰাকী। কিন্তু কৃষ্ণৰ সৈতে এনে আচৰণ কৰা আৰক্ষী কেইগৰাকীৰ কি হ’ব? কিব ব্যৱস্থা ল’বনে আৰক্ষী সঞ্চালক প্ৰধানে?



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8KAEUJX
via IFTTT

Comments