প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ যুৱ নেতৃত্ব সমাৰোহ-২০২২ : মুখ্যমন্ত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ…

ডিজিটেল সংবাদ গুৱাহাটীঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে প্রজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত যুৱ নেতৃত্ব সমাৰোহ, ২০২২ত অংশগ্ৰহণ কৰি ‘তমসো মা জ্যোতির্গময়’ অমৃত মন্ত্ৰৰে পোহৰৰ বাটেৰে অগ্ৰগামী হ’বলৈ যুৱ নেতৃবৃন্দৰ প্ৰতি আহ্বান জনায়। প্ৰাক্ স্বাধীনতা কালৰে পৰা বৰ্তমানলৈকে অসমৰ আৰ্থ-সামাজিক পটভূমিৰ এক বিশ্লেষণাত্মক অৱলোকনেৰে মুখ্যমন্ত্ৰীয়ে সমাৰোহত অংশগ্ৰহণকাৰী যুৱক-যুৱতীসকলৰ সমুখত ৰাজ্যখনৰ সাম্প্ৰতিক অর্থনৈতিক দৃশ্যপটৰ এখন স্পষ্ট ছবি দাঙি ধৰাৰ প্ৰয়াস কৰে।

স্বাধীনোত্তৰ সাতোটা দশকৰ ৰাজনৈতিক ইতিহাসে ৰাজ্যখনক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাট প্রশস্ত নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পৰৱৰ্তী সময়ছোৱাত এই পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন সাধন হৈছে আৰু পূবৰ দুৱাৰ মুকলিৰে এক নতুন বিশ্বমুখী যাত্ৰাৰ পথ প্ৰশস্ত হৈছে।

নির্মোহ আত্মবিশ্লেষণেৰে নিজক আৰু নিজৰ সম্পদ-সম্ভাৱনাক পুনৰাৱিস্কাৰ কৰি নতুন চিন্তা, কাম আৰু ধাৰণাৰে অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে বৈভৱশালী এখন নতুন অসম গঢ়াৰ বুনিয়াদ ৰচনাৰ বাবে সাহসেৰে আগুৱাই আহিবলৈ নৱ প্ৰজন্মৰ নেতৃবৃন্দৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে যুৱ নেতাসকলৰ বিভিন্ন প্ৰশ্নৰো বস্তুনিষ্ঠ উত্তৰ প্ৰদান কৰে। বিশিষ্ট সমাজকর্মী বশিষ্ঠ বুজৰবৰুৱা, সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতা, প্রজ্ঞা ফাউণ্ডেশ্যনৰ সভাপতি জিতুল সোণোৱালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক উচ্চশিক্ষানুষ্ঠানক প্রতিনিধিত্ব কৰা সহস্ৰাধিক যুৱ নেতা উপস্থিত থাকে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rsYxoIg
via IFTTT

Comments