বকোত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ সংবাদমেল…

ডিজিটেল সংবাদ, বকোঃ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ ৭৩খনৰো অধিক অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশীকৰণৰ বাবে দাবী জনাইছে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাই। আজি বকোৰ কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্যালয়ত সন্থাটোৰ সভাপতি ৰঞ্জন ৰাভা আৰু তিনিগৰাকী সদস্যই এখন সংবাদমেল যোগে এই দাবী জনায় ৰাজ্য চৰকাৰৰ ওচৰত।

সংবাদমেল খনত সন্থাৰ সভাপতি ৰঞ্জন ৰাভাই ইতিমধ্যে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী , শিক্ষামন্ত্ৰী ডা৹ ৰণোজ পেগুকে ধৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো এলেকাটোৰ শিক্ষক সকলোৰ মৰ্মবেদনাৰ বিষয়ে জনোৱা হৈছে বুলি সংবাদমেলত সদৰী কৰে । ৰাভা হাছং স্বায়ত্ত শাসিত এলেকাটো মেঘালয় ৰাজ্যৰ সীমাত থকা অতি স্পৰ্শকাতৰ এলেকা বুলি সন্থাৰ অন্যতম সদস্য সত্যজিৎ ঠাকুৰীয়াই জানিবলৈ দি মেঘালয়ৰ আগ্ৰাসন প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰে অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহ প্ৰাদেশীকৰণ কৰিলে কিছু হ’লেও মেঘালয়ৰ আগ্ৰাসন প্ৰতিৰোধ হ’ব বুলি দাবী কৰে ।

সংবাদমেলখনত অংশ গ্ৰহণ কৰা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ অন্যতম সদস্য ক্ৰমে- পৱিত্ৰ ৰাভা আৰু অৰ্জুন ৰাভাই আইন সংশোধন কৰি হ’লেও বি টি আৰৰ আৰ্হিত এলেকাটোৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সমূহ শীঘ্ৰে প্ৰাদেশীকৰণ কৰিবলৈ দাবী জনায় । উল্লেখযোগ্য যে এই সন্দৰ্ভত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই পূৰ্বতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অবাগত কৰা হৈছে বুলি সন্থা সভাপতি ৰঞ্জন ৰাভাই জানিবলৈ দিয়ে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fay824A
via IFTTT

Comments