শিৱসাগৰত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি, বৰ পুখুৰীৰ পাৰত উভালি পৰিল কেইবাজোপাও গছ…

ডিজিটেল সংবাদ, শিৱসাগৰঃ বিগত প্ৰায় ৪৮ ঘন্টা ধৰি অব্যাহত থকা বৰষুণৰ মাজতেই আজি আবেলি শিৱসাগৰত এজাক প্ৰচণ্ড ধূমুহাই বিস্তৰ ক্ষতি সাধন কৰে ৷ আবেলি প্ৰায় পাঁচ বজাত পশ্ছিমৰ দিশৰ পৰা আকাশ কলা কৰি অহা প্ৰচণ্ড ধুমুহাৰ ফলত শিৱসাগৰ আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলৰ বহু বাস গৃহৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ বাতৰি পোৱা গৈছে ৷

হঠাতে অহা ধুমুহাজাকৰ ফলত ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ পুখুৰীৰ পাৰত থকা কেইবাজোপাও গছ বাগৰি পৰে ৷পুখুৰীটোৰ কেইবাটাও স্থানত গছ বাগৰি পৰাৰ ফলত দুয়োপাৰৰ যাতায়ত বন্ধ হৈ পৰাৰ লগতে যান বাহনসমুহ দীৰ্ঘ সময় ধৰি আৱদ্ধ হৈ পৰে ৷অৱশ্যে সৌভাগ্যবশত সেই স্থানত থকা বাহন আৰু আৰোহী ৰক্ষা পৰে ৷ আনহাতে শিৱদ’লৰ পাৰ্কিং আস্থানত ৰখাই থোৱা এখন বিলাসী বাহনৰ ওপৰত প্ৰচণ্ড ধুমুহাই উৰুৱাই অনা এখন প্ৰকাণ্ড টিন আৰু কাঠৰ চালি বাগৰি পৰাৰ ফলত বিলাহী বাহনখনৰ বিস্তৰ ক্ষতি সাধন হয় ৷

আনহাতে বিয়লীৰ প্ৰচণ্ড ধূমুহাজাকে শিৱসাগৰ চহৰ খনত এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰে ৷একাধিক ব্যৱসায়ীক প্ৰতিস্থানৰ বৰ্ডিং উৰুৱাই নিয়ে বতাহে ৷চহৰ খনৰ লগতে দাতি কাষৰীয়া অঞ্চলতো গছ বাগৰি পৰাৰ ফলত শিৱসাগৰত বাতৰি প্ৰেৰণ কৰা লৈকে বিদ্যুত সেৱা সম্পুৰ্ণ ৰূপে ব্যাহত হৈ আছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LpakSYC
via IFTTT

Comments