পৰিকল্পনা অবিহনেই ঘোষণা হৈছিল মাজুলীৰ দলং, আঁৰত আছিল নিৰ্বাচনত জয়ৰ অংক….

ডিজিটেল ডেস্কঃ তৰুণ গগৈ চৰকাৰক উৎখাত কৰি সৰ্বানন্দ সোণোৱালৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাত ৰাজ্যত যি কেইটা কাৰকে বিশেষ গুৰুত্ব লাভ কৰিছিল তাৰ ভিতৰত এক অন্যতম কাৰক আছিল সেই সময়ৰ কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বহু কেইটা প্ৰতিশ্ৰুতি। এনে এক চকুত লগা তথা সপোন সপোন যেন লগা প্ৰতিশ্ৰুতি আছিল মাজুলীৰ দলং।

সৰ্বানন্দ সোণোৱালে মাজুলী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভালৈ নিৰ্বাচিত হোৱাত মাজুলীৰ দলঙে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা। মাজুলীৰ দলঙৰ দাবী এতিয়াৰ নহয়। মাজুলীবাসীৰ এই দাবীক পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰেই সৰ্বনন্দ সোণোৱালে দখল কৰিছিল মাজুলী সমষ্টি।

মাজুলীৰ দলঙৰ বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। মুঠ তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰা হৈছে মাজুলীৰ দলঙৰ। ইয়াৰ আঁৰৰ কাৰণ শেহতীয়াকৈ প্ৰকাশ পাইছে। মাজুলী দলং নিৰ্মাণৰ আঁৰৰ কাহিনী লোকসভাত কেন্দ্ৰীয় ঘাই পথ বিভাগৰ মন্ত্ৰী নিতীন গাদকাৰীয়ে প্ৰকাশ কৰিছে।

লোকসভাত নিতীন গাদকাৰীয়ে প্ৰকাশ কৰা মতে, তেওঁ সেই সময়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথাত বান্ধ খাইহে মাজুলী-যোৰহাট সংযোগী দলংখন নিৰ্মাণ কৰা হ’ব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছিল৷ সেই ঘোষণাৰ আগলৈকে মাজুলীৰ এই দলঙখনৰ বাবে নাছিল কোনো পৰিকল্পনা। আনকি কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাদকাৰীয়ে এই দলঙৰ কথা ঘোষণা কৰাৰ সময়তো জনা নাছিল দলংখন নিৰ্মাণ ব্যয় কিমান হ’ব ?

নিতীন গাদকাৰীয়ে প্ৰকাশ কৰা মতে, এখন ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবে হেলিকপ্টাৰেৰে মাজুলীলৈ গৈ থকা সময়তে সৰ্বানন্দ সোণোৱালে তেওঁৰ হাতখন খামুছি মাৰি ধৰি মাজুলী-যোৰহাট সংযোগী দলংখন নিৰ্মাণ কৰাৰ কথা সভাত ঘোষণা কৰিবলৈ অনুৰোধ জনাই। সোণোৱালে তেওঁক কৈছিল যে, যদিহে তেওঁ দলং নিৰ্মাণৰ কথা ঘোষণা কৰে তেনেহ’লে নিৰ্বাচনত সোণোৱালৰ জয় নিশ্চিত হ’ব। কিয়নো দলংখনৰ সৈতে মাজুলীবাসীৰ আৱেগ জড়িত হৈ আছে।

সোণোৱালে দলং নিৰ্মাণৰ বাবে এইদৰে হেঁচা দিয়াৰ সময়ত দলংখনৰ কথা তেওঁ বিশেষ একো জনাই নাছিলো৷ এই দলংখন ক’ত নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ বাবে কিমান টকা ব্যয় হ’ব সেই বিষয়েও নাছিল গাদকাৰীৰ নাছিল কোনো ধাৰণা। এনে অৱস্থাত দলং নিমাৰ্ণ কৰাৰ ঘোষণা কি দৰে কৰিব বুলি গাদকাৰীয়ে প্ৰশ্ন কৰাত সোণোৱালে কয় যে, আপুনি মাত্ৰ ঘোষণা কৰি দিয়ক তেতিয়াহে মই নিবাৰ্চনত জিকিম৷ কিয়নো দলংখনক লৈ ৰাইজ অসন্তুষ্ট হৈ আছে৷ যদি ঘোষণা নকৰে মই হাৰি থাকিম৷

গাদকাৰীৰ ভাষাত,- ‘সোণোৱালৰ এই কথা শুনি মই ভয় খাই গ’লো। অৱশ্যে সোণোৱালে মোক সেয়া ব্লেক মেইলিং কৰা নাছিল কিন্তু আৱেগিক কৰি ভয় খুৱাই দিছিল৷ ইয়াৰ পাছত ৰাজহুৱা সভাখনত দলংখন নিমাৰ্ণ কৰা হ’ব বুলি মই ঘোষণা কৰিলো৷’ এইদৰেই কোনো পৰিকল্পনা তথা সঠিক জ্ঞান অবিহনেই মাজুলীৰ দলং নিৰ্মাণৰ কথা ঘোষণা কৰিছিল নিতীন গাদকাৰীয়ে।

কিন্তু যেতিয়া গাদকাৰী মাজুলীৰ পৰা দিল্লীলৈ ঘূৰি যায় তেতিয়াহে তেওঁ মাজুলী-যোৰহাট সংযোগী দলংখনৰ বিষয়ে সবিশেষ জানিবলৈ সক্ষম হয়। গাদকাৰীয়ে লোকসভাত কৈছে এইদৰে,- দিল্লীলৈ ঘূৰি অহাৰ পিছত চৰকাৰী বিষয়া সকলে মোক ক’লে, এয়া আপুনি কি কাম কৰিলে? সেই দলংখন নিমাৰ্ণৰ বাবে কিমান ধন লাগিব জানেনে? প্ৰায় ৬ হাজাৰ কোটি টকা লাগিব৷ বিষয়া সকলৰ কথা শুনি মই হতাশ হৈ গলো। কথাটো মিছাও নহয়, এখন দলঙৰ বাবে ৬ হাজাৰ কোটি টকা আমি কেনেকৈ ব্যয় কৰিম?

গাদকাৰীয়ে কয়, ইয়াৰ পাছত অধ্যয়ন চলিল। নতুন প্ৰযুক্তিৰ কথা আহিল। শেষত মাজুলী দলঙৰ টেণ্ডাৰ ওলাল।আপোনালোকক জনাই মই সুখী হৈছো যে নতুন প্ৰযুক্তিৰ ফলত ৬ হাজাৰ কোটি টকীয়া দলংখন এতিয়া ৬৮০ কোটি টকা ব্যয়েৰে ইউপি কনষ্ট্ৰাকছনে নিৰ্মাণ কৰি আছে। সম্ভবত অহা এক-দুই বছৰৰ ভিতৰত দলংখন মই উদ্ধোধন কৰিবলৈ যাম।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7kTBcM4
via IFTTT

Comments