দেশত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য; প্ৰতি লিটাৰত হ’লগৈ…

ডিজিটেল ডেস্ক: বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত ৮০ পইচাকৈ বৃদ্ধি। ২ নৱেম্বৰ ২০২১ ৰ পাছত 22 মাৰ্চৰ পৰা পুনৰ বৃদ্ধি পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি।

ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ৯৬.২১,ডিজেলৰ মূল্য ৮৭.৪৭ টকা। মুম্বাইত পেট্ৰলৰ নতুন মূল্য হ’ব ১১০.৭৮ টকা, ডিজেলৰ মূল্য মুম্বাইত হ’ব প্ৰতিলিটাৰত ৯৪.৯৪ টকা।চেন্নাইত পেট্ৰলৰ মতুন মূল্য ১০২,২০ আৰু ডিজেলৰ মূল্য ৯২,২৩ টকা।

শেহতীয়া পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিৰ অৰ্থ হৈছে যে সমগ্ৰ দেশৰ গ্ৰাহক সকলে ইন্ধনৰ বাবে অধিক ব্যয় কৰিব লাগিব, কিন্তু এই বৃদ্ধি এতিয়াও এক লিটাৰৰ বাবে পাম্পত পৰিশোধ কৰা পৰিমাণৰ ১ শতাংতকৈ কম হ’ব। যোৱা মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত বিশ্বব্যাপী তেলৰ মূল্য আকাশচুম্বী হোৱাৰ পিছত এইটো ভাৰতৰ প্ৰথম ইন্ধন বৃদ্ধি।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Gh18FkX
via IFTTT

Comments