বৰপেটাত যুৱতী অধিবক্তাক চোকা অস্ত্ৰৰে ৰাজপথতে হত্যা…

ডিজিটেল ডেস্কঃ সোমবাৰে সন্ধিয়া বৰপেটাত সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পেচাত অধিবক্তা এগৰাকী যুৱতীক সন্ধিয়া প্ৰায় ৭-৩০ বজাত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰি হত্যা কৰিলে ৰিণিমা বেগম নামৰ অধিবক্তা গৰাকীক।

বৰপেটাৰ ভেল্লাৰ বনবৰিয়া গাঁৱৰ নিবাসী ৰিণিমা বেগমে সন্ধিয়া জ্যেষ্ঠ ভগ্নীৰ শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসকৰ কাষলৈ গৈছিল। ইয়াৰ পিছত ঘৰলৈ উভতি অহাৰ পিছতেই তিনি দুৰ্বৃত্তই ৰিণিমাক চোকা অস্ত্ৰৰে আঘাত কৰে। ইয়াৰ পিছতে তিনিও দুৰ্বৃত্তই ঘটনাস্থলী ত্যাগ কৰে।

স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আহত ৰিণিমাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছিল যদিও হাস্পতালত চিকিৎসকে ৰিণিমাৰ মৃত্যু হৈছে বুলি ঘোষণা কৰে। এই ঘটনাৰ পিছতে সমগ্ৰ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিহত ৰিণিমাৰ পৰিয়ালে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে।

আনহাতে এই ঘটনা সন্দৰ্ভত ৰিণিমাৰ জ্যেষ্ঠ ভগ্নীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি হত্যাকাণ্ড সংঘটিত কৰা ৩ দুৰ্বৃত্তৰ ভিতৰত ২ জনক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। স্থানীয় লোকে এই হত্যাকাণ্ডৰ আঁৰত ভূমি সংক্ৰান্তিয় দীৰ্ঘদিনীয়া কাজিয়া বলি সন্দেহ প্ৰকাশ কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Q6qmjWI
via IFTTT

Comments