যুব ব্যৱসায়ী বিদ্যুতৰ মৃত্যুত শোকৰ ছাঁ…

ডিজিটেল সংবাদ , নগাঁও : যুব ব্যৱসায়ী বিদ্যুৎ মজুমদাৰৰ মঙ্গল বাৰে পুৱা মৃত্যুক সাৱতি লয় ৷ নগাঁৱৰ মধুপুৰৰ নিবাসী বিদ্যুতৰ মৃত্যু বাতৰিয়ে শোকৰ চাঁ পেলাইছে ৷ গুৱাহাটী হায়াত হস্পিতালত চিকিৎসাধীন অৱস্হাত পুৱা ৫-৪৫ বজাত মৃত্যুক সাৱতি লয় ৷
মধুপুৰৰ সৰবৰাহী যুবক হিচাপে জনপ্ৰিয় বিদ্যুৎ মজুমদাৰৰ মৃতদেহ বিয়লি মধুপুৰ স্মশানত সৎকাৰ কৰা হয় ৷ মৃত্যুৰ সময়ত প্ৰয়াত বিদ্যুতে পত্নী পিনা মজুমদাৰ আৰু কন্যা তনয়া মজুমদাৰক এৰি থৈ গৈছে ৷ উল্লেখ্য এই যে দুমাহ পূৰ্বে বিদ্যুতৰ পিতৃৰ বিয়োগ ঘটিছিল ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3sibBxf
via IFTTT
Comments
Post a Comment