কাশ্মীৰ ফাইলছ চাবলৈ চৰকাৰী কৰ্মচাৰীয়ে পাব অৰ্ধছুটিঃ মুখ্যমন্ত্ৰীৰ ঘোষণা…

ডিজিটেল ডেস্কঃ সতীৰ্থ মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে অতিকৈ চৰ্চিত ছবি কাশ্মীৰ ফাইলছ উপভোগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছবিখন উপভোগ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে এটা বিশেষ ঘোষণা। তেওঁ ঘোষণা কৰিলে যে, যিসকল চৰকাৰী কৰ্মচাৰীয়ে ছবিখন চাব বিচাৰে তেওঁলোকে অৰ্ধছূটী লৈ চিনেমাখন উপভোগ কৰিব পাৰে।
উল্লেখযোগ্য যে, এই চিনেমাখনক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ বিৰ্তকৰ আৰম্ভ হৈছে। এই ছবিখন নিষিদ্ধকৰণৰ দাবী উত্থাপন কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VIUf9TN
via IFTTT
Comments
Post a Comment