ঢেকীয়াপতীয়া বাঘ বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত ফুটবল তাৰকা বাইচুং ভূটীয়া…

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্যই মোহিত কৰে প্ৰতিগৰাকী পৰ্যটকক। কাজিৰঙাৰ সৌন্দৰ্য চাবলৈ দুৰ-দুৰনিৰ পৰা ঢপলিয়াই আহে বহু পৰ্যটক।
ইয়াৰ মাজতে ঢেকীয়াপতীয়া বাঘ বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হয় ফুটবল তাৰকা বাইচুং ভূটীয়া। তিনিদিনীয়া ভ্ৰমণসূচীৰে পত্নী সন্তানসহ অৱসৰ বিনোদন ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়াৰ।
মঙলবাৰে কাজিৰঙাৰ বাগৰী বনাঞ্চল পৰিদৰ্শন কৰাৰ পিচত বুধবাৰে চেন্ট্ৰেল ৰেঞ্জ কহঁৰা পৰিদৰ্শন কৰে বাইচু ভূটীয়া আৰু পৰিয়াল বৰ্গই। উল্লেখ্য যে, এয়া তৃতীয় বাৰৰ বাবে কাজিৰঙা ভ্ৰমণৰ বাবে আহিছে তাৰকা গৰাকী। এইবাৰ তেওঁ গঁড়, হাতী, ঈগলকে আদি কৰি বিভিন্ন চৰাই দৰ্শন কৰে যদিও বাঘ দেখাৰ সৌভাগ্য হোৱা নাই বুলি মন্তব্য কৰে।
উল্লেখ্যে যে নুমলীগড় শোধনাগাৰত থকা ফুটবল ষ্টেডিয়াম আৰু একাডেমী পৰিদৰ্শনৰ বাবে আমন্ত্ৰণক্ৰমে আহিছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ফুটবলাৰ গৰাকীয়ে। ইপিনে অসমৰ খেলুৱৈৰ সংখ্যা ISL ৰ দৰে টুৰ্ণামেন্টত বৃদ্ধি হোৱাত সন্তোষ প্ৰকাশ কৰে ভূটীয়াই।পৰৱৰ্তী সময়ত অসমৰ পৰা আৰু অধিক প্ৰতিভাৱান খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব বুলি আশাবাদী ফুটবলাৰগৰাকী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/PaQTx4F
via IFTTT
Comments
Post a Comment