বকোত পথ দুৰ্ঘটনা; শাক-পাচলি কঢ়িয়াই অনা বাহনৰ খুন্দাত মৃত্যু…

ডিজিটেল সংবাদ,বকো : বকোত শানিবাৰে পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা । মেঘালয় ৰাজ্যৰ ৰংপুৰৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰেৰে গুৱাহাটী অভিমুখে গৈ থকা এএচ-১৮/এচি-৩৫০০ নম্বৰৰ টাটা মেজিক খনে বকো থানাৰ অন্তৰ্গত আগচিয়াত ছাদেক আলী (৪৮) নামৰ লোকগৰাকী খুন্দা মাৰে ।

এই দুৰ্ঘটনাৰ ফলত লোক গৰাকীৰ থিতাতে মৃত্যু হয় । লগতে টাটা মেজিকখন পথৰ দাঁতিত বাগৰি পৰাৰ ফলত গাড়ীখনত উঠি অহা সাতগৰাকী মহিলা আহত হয় ।

গাড়ীখনে গুৱাহাটীলৈ মহিলা ব্যৱসায়ীসহ শাক-পাচলি কঢ়িয়াই আনিছিল। মৃত্যু হোৱা ছাদেক আলী ঘৰ বকোৰ আগচিত ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/B9JbsNV
via IFTTT

Comments