বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাজহুৱা অনুস্থানৰ মাজতে শাৰীৰিক ভাৱে আক্ৰমণ…

ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক শাৰীৰিক ভাৱে আক্ৰমণৰ ঘটনা সংঘটিত হ’ল দেওবাৰে। ৰাজ্যখনৰ বখতিয়াৰপুৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন যুৱকে অনুষ্ঠানস্থলিতে শাৰীৰিক আক্ৰমণ কৰে।

মুখ্যমন্ত্ৰীগৰাকীক এইদৰে আক্ৰমণ কৰাৰ ঘটনাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো কিদৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিব পাৰিলে তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

অৱশ্যে এই ঘটনা সংঘটিত কৰাৰ পিছতে আৰক্ষীয়ে নীতিশ কুমাৰক আক্ৰমণ কৰা যুৱক জনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে যুৱক জন মানসিকভাৱে অস্থিৰ বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰক শাৰীৰিক ভাৱে আক্ৰমণ কৰা সমগ্ৰ দৃশ্য এটা চিচিটিভি কেমেৰাত বন্দী হৈছিল। সেই দৃশ্যত স্পষ্ট ভাৱে দেখা গৈছে যুৱকজনে পিছফালৰ পৰা মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/5X7Qkta
via IFTTT

Comments