কাশ্মীৰত পুনৰ বহিঃৰাজ্যৰ লোকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ…

ডিজিটেল ডেস্কঃ কাশ্মীৰ উপত্যকাত পুনৰ কাশ্মীৰৰ বাহিৰৰ লোকৰ ওপৰত চলিছে আক্ৰমণ। শনিবাৰে পুলৱামাৰ আৰিহালত সন্ত্ৰাসবাদীয়ে এজন কাঠমিস্ত্ৰীক গুলীওৱাৰ ঘটনা সংঘটিত হৈছে। গুলীবিদ্ধ এই ব্যক্তিজন উত্তৰ প্ৰদেশৰ বিজনৌৰৰ আব্দুল ছালামৰ পুত্ৰ মহম্মদ আক্ৰাম বুলি চিনাক্ত কৰা হৈছে। তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
সূত্ৰ অনুসৰি, তেওঁৰ পেটত গুলী লাগিছে। একেধৰণৰ ঘটনা যোৱা বছৰ অক্টোবৰত সংঘটিত হৈছিল। সেইবাৰ বিহাৰৰ এজন হকাৰক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ লগতে, মাখন লাল বিন্দ্ৰু নামৰ এজন কাশ্মীৰী পণ্ডিতকো সন্ত্ৰাসবাদীয়ে তেওঁৰ জীয়েকৰ সন্মুখত গুলীয়াই হত্যা কৰিছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dX12ygP
via IFTTT
Comments
Post a Comment