হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন বাজেট, বিয়লি প্ৰায় ৩বজাত দাখিল…

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে অসম বিধানসভাত বাজেট দাখিল কৰিব । বিয়লি প্ৰায় ৩ বজাত বিত্তমন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰিব এই বাজেট । এইখন ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন বাজেট ৷ এই বাজেটক লৈ বৰ্তমান শাসক বিৰোধীৰ মাজত চলিছে সৰৱ চৰ্চা ৷

অসম বিধানসভাত এইবাৰ দ্বিতীয়বাৰলৈ মহিলা বিত্তমন্ত্ৰী য়ে বাজেট দাখিল কৰিব । বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে বাজেটত স্থান লাভ কৰাৰ আশা কৰা হৈছে ৷  ১৪ মাৰ্চৰ পৰা পহিলা এপ্ৰিললৈ মুঠ ১১ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিৱেশন৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/MpNdmb3
via IFTTT

Comments