UPDATES- ৰাজ্যসভাৰ প্ৰথমটো ভোটেই বিজেপি মিত্ৰজোঁটলৈ…

ডিজিটেল ডেস্কঃ বিজেপি মিত্ৰজোঁটক প্ৰথমটো ভোট প্ৰদান কৰিলে বি পি এফ বিধায়ক দুৰ্গাদাস বড়োয়ে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যসভা নিৰ্বাচনত প্ৰথমটো ভোটেই প্ৰদান কৰিলে দুৰ্গা দাস বড়োয়ে। বিধায়কগৰাকীয়ে ভোটদান কৰাৰ পাছতে তেওঁৰ ভোটটো বাতিলৰ দাবী উত্থাপন কৰিলে বিৰোধীয়ে। কিয়নো তেওঁ ভোটদান কৰি উক্ত বেলট পেপাৰ এজেন্টৰ উপৰিও বাহিৰলৈ দেখুৱাই দুয়োটা ফাল প্ৰদৰ্শন কৰিছিল।
আনহাতে বিৰোধীৰ এই অভিযোগ মানি লোৱা নাই দুৰ্গা বড়োয়ে। তেওঁ কয়- মোৰ ভোটটো মই কেৱল এজেন্টকহে দেখুৱাইছো। উল্লেখ্য যে, বি পি এফৰ ৩গৰাকা বিধায়কে সাব্যস্ত কৰিলে ভোটাধিকাৰ। ইফালে বিজেপিৰ হৈ প্ৰথমটো ভোটদান কৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
ইতিমধ্যে এ আই ইউ ডি এফৰ বিধায়ক সকলে বদৰুদ্দিন আজমলৰ কক্ষত ব্ৰেকফাষ্ট কৰি ওলাই আহিছে ভোটদান কৰিবলৈ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0g5i6KR
via IFTTT
Comments
Post a Comment