৭ বছৰ শাসনত থকাৰ পাছতো বিজেপিয়ে কাশ্মীৰী পণ্ডিতৰ বাবে একো নকৰিলে: কংগ্ৰেছ

ডিজিটেল ডেস্ক: ‘দ্যা কাশ্মীৰ ফাইলচ’ নামৰ ছবিখনত লৈ অব্যাহত আছে চৰ্চা। ইয়াৰ মাজতে বিজেপিৰ ওপৰত কটাক্ষ মন্তব্য কৰিছে কংগ্ৰেছে। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ কংগ্ৰেছে কয় যে কেন্দ্ৰত শাসকীয় দলে সাত বছৰতকৈও অধিক সময় থকাৰ পাছতো কাশ্মীৰী পণ্ডিত সকলক উভতাই পঠিওৱা আৰু পুনৰ্সংস্থাপন কৰাত ব্যৰ্থ হৈছে।

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰবক্তা ৰবীন্দ্ৰ শৰ্মাই কয় যে “কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ অপকৰ্ম আৰু হত্যাৰ পাপৰ পৰা নিজকে আঁতৰাই আনিব নোৱাৰে। দুৰ্ভাগ্যবশতঃ, বৰ্তমানৰ চৰকাৰ সাত বছৰৰো অধিক সময় ধৰি শাসনত আছে, কিন্তু কাশ্মীৰী পণ্ডিতসকলৰ পুনৰ্সংস্থাপনৰ বাবে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ সক্ষম হোৱা নাই।”

তেওঁ কয় যে কাশ্মীৰী পণ্ডিত সকলৰ বাবে সকলো আঁচনি মনমোহন সিঙৰ দিনৰ লোৱা হৈছে।কেৱল দেশবাসীৰ সহানুভূতি লাভ কৰবলৈ বিজেপিয়ে বিভিন্ন কাম কৰে বুলি মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে, দ্যা কাশ্মীৰ ফাইলচ নামৰ ছবিখনত কাশ্মীৰী পণ্ডিতৰ দুৰ্দশা দেখুওৱা হৈছে। এই ছবিখনৰ প্ৰশংসাও কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ছবিখনৰ মুক্তিৰ পাছৰ পৰাই অব্য়াহত আছে বিভিন্ন প্ৰতিক্ৰিয়া।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/mGl8FQB
via IFTTT

Comments