ব্যক্তিগত শিক্ষানুষ্ঠান নহয়, চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী, অভিভাৱকৰ ভিৰ : নুমলীগড়ত ব্যতিক্ৰমী দৃশ্য…

ডিজিটেল সংবাদ নুমলীগড়ঃ এক ব্যতিক্ৰমী দৃশ্য। ব্যক্তিগত মাধ্যমৰ পৰিবৰ্তে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী তথা অভিভাৱৰ লানি নিচিঙা শাৰী। পুৱাৰে পৰা বিদ্যালয়ৰ সন্মুখত ভিৰ অজস্ৰজনৰ। সাধাৰণতে বেচৰকাৰী শিক্ষানুষ্ঠানৰ চৌহদৰ বাহিৰত দেখা এনে এক পৰিৱেশেই দেখিবলৈ পোৱা গ’ল নুমলীগড়ৰ মাজমজীয়াৰ এইখন চৰকাৰী বিদ্যালয়ত।
গোলাঘাট জিলাৰ নুমলীগড়ৰ এখন ব্যতিক্ৰম চৰকাৰী বিদ্যালয় হ’ল নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন এতিয়া নুমলিগড়ৰ শিক্ষাৰ্থী তথা অভিভাৱকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যি সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্রতি মানুহৰ অনিহা সৃষ্টি হৈছে, আধুনিকতাৰ ধামখুমীয়াত ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে অভিভাৱকসকলৰ মাজত এক অঘোষিত প্রতিযোগিতা চলিছে ; তেনে সময়তে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে এই ব্যতিক্রমী দৃশ্য ।
অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খনত নিজৰ সন্তানটিক নামভৰ্তি কৰিবৰ বাবে অভিভাৱক তথা ছাত্র – ছাত্রীয়ে বিদ্যালয়খনত ভিৰ কৰা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত , বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহেন শইকীয়াই জনায় যে, চাৰি শতাধিক ছাত্র – ছাত্রীয়ে নতুনকৈ ষষ্ঠ আৰু নৱম শ্রেণীত নামভৰ্তিৰ বাবে আবেদন কৰিছে ।
বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ বাবে ২৫০ জন ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তিৰ লিখিত পৰীক্ষাত অবতীৰ্ণ হৈছে। ইতিমধ্যে প্ৰ-পত্র জমা লোৱা হৈছে যদিও নামভৰ্তিৰ বাবে বিমোৰত পৰিব লগা হৈছে । কিয়নো , বিদ্যালয়খনত বর্তমানে থকা ১৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠদান কৰিব লগা হৈছে ।
বিদ্যালয়খনত তিনিজন হিন্দী শিক্ষকৰ পদৰ তিনিজনে খালী হৈ আছে । নামভৰ্তি কৰিবলৈ বিচৰা ছাত্ৰ- ছাত্ৰীৰ সকলোকে নামভৰ্তিৰ সুযোগ দিলে প্ৰতিটো শাখাতে শতাধিক ছাত্র-ছাত্ৰীক দিব লাগিব । ইয়াৰ ফলশ্ৰুতিত পাঠদানৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ’ব লাগিব ।
বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলক লৈ শ্ৰেণীকোঠাৰ কোনো অসুবিধা নাই যদিও পর্যাপ্ত শিক্ষকৰ অভাৱৰ বাবেই ছাত্ৰ – ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । উল্লেখ্য যে বিদ্যালয়খনৰ সাম্প্রতিক পৰিৱেশ হয়তু ৰাজ্যখনৰ ভিতৰতে বিৰল । শিক্ষক, শিক্ষয়িত্রী , পৰিচালনা সমিতি তথা অভিভাৱকবৰ্গৰ একত্রিত প্রয়াসে বিদ্যালয়খনক চৰকাৰী বিদ্যালয় হ’লেও এক উচ্চ শিখৰত উপনীত কৰাইছে বুলি চৌদিশে চৰ্চা চলিছে ।
মন কৰিবলীয়া যে এইখন বিদ্যালয়ত পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও ক্ৰীড়া, সংস্কৃতি, সাহিত্য আদিৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবল, ক্ৰিকেট, কাবাডীকে ধৰি বিভিন্ন ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ লগতে সাহিত্য, সংস্কৃতি আদি দিশৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। বিদ্যালয়খনৰ সুস্থ আৰু সুন্দৰ পৰিৱেশৰ বাবে ২০১৯ বৰ্ষত লাভ কৰিছে গ্ৰাহ গ্ৰীণ এৱাৰ্ড।
বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ‘নুমলী’ বিগত ২০০২ চনৰ পৰা অবিৰতভাৱে প্ৰকাশ পাই আহিছে আৰু এই সময়ছোৱাত আলোচনীখনে কেইবা ঠাইতো বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে অঞ্চলটোৰ ৰাইজে নিজ সন্তানক নুমলীগড় হাইস্কুলত নামভৰ্তি কৰি দি এজন মানুহ হিচাবে গঢ় দিয়াৰ সপোন ৰচিছে ।
এনে পৰিস্থিতিত নাম মাত্ৰ শিক্ষকে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পালে কিদৰে শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিব সেইয়াও এতিয়া এক চিন্তাৰ কাৰণ হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ বাবে দাবী উত্থাপন কৰিছে। বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰীৰ সংখ্যা বৃদ্ধি কৰি অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো আশা কৰিছে স্থানীয় ৰাইজে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/9K805qS
via IFTTT
Comments
Post a Comment