‘কাশ্মীৰ প্ৰসংগ আন্তঃৰাষ্ট্ৰীয়কৰণ কৰাটো আছিল নেহেৰুৰ ভুল’

ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰ তথা নেতৃত্বই কংগ্ৰেছ আৰু কংগ্ৰেছৰ পূৰ্বৰ নেতাক সমালোচনা কৰা নতুন কথা নহয়। আজিও দেশৰ অৰ্থনৈতিক অৱস্থাৰ পৰা ৰাজনৈতিক, সামাজিক অৱস্থাৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুক সমালোচনা কৰে দলটোৱে। প্ৰতি দিনেই বিজেপিয়ে নেহেৰুক সমালোচনা কৰি দেশৰ বৰ্তমানৰ অৱস্থাৰ বাবে তেওঁকেই জগৰীয়া কৰে। এইয়া কোনো নতুন কথা নহয়।

শেহতীয়াকৈ দেশৰ বিত্তমন্ত্ৰী নীৰ্মলা সীতাৰমণে পুনৰ নেহেৰুক সংসদত সমালোচনা কৰাৰ লগতে কাশ্মীৰ সমস্যা সন্দৰ্ভত তেওঁক জগৰীয়া কৰিছে। সীতাৰমণে কাশ্মীৰ সমস্যাৰ বাবে নেহেৰুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিত্তমন্ত্ৰী সীতাৰমনে কৈছে যে, নেহৰুৱে কাশ্মীৰ সমস্যাটো ৰাষ্ট্ৰসংঘলৈ লৈ গৈ আন্তঃৰাষ্ট্ৰীয়কৰণ কৰিছিল। বিত্ত মন্ত্ৰীৰ মতে, কাশ্মীৰ সমস্যাটো আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱা উচিত নাছিল। ই ভাৰতৰ আভ্যন্তৰীণ বিষয় হে আছিল।

সংসদত ২০২২-২৩ বৰ্ষৰ জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত এক আলোচনাৰ উত্তৰ দি এইদৰে কয় নীৰ্মলা সীতাৰমনে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NVHU5KP
via IFTTT

Comments