ৰাজ্যসভাৰ নিৰ্বাচনঃ জানি লওঁক কোন দলৰ কোন প’লিং এজেন্ট…

ডিজিটেল ডেস্কঃ শাসক-বিৰোধীৰ বাক্যবাণ আৰু কোন বিধায়ক কাৰ পক্ষত আদি বিভিন্ন অনিশ্চয়তাৰ মাজতে আজি পুৱা ৯বজাৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথমখন আসনত শাসকীয় দলৰ জয় নিশ্চিত যদিও দ্বিতীয়খন আসনক লৈ শাসক-বিৰোধীৰ নিজা নিজা ৰাজনীতি অব্যাহত আছে।
ৰাজ্যসভা নিৰ্বাচনৰ সকলো দলে নিজা নিজা প’লিং এজেন্ট নিয়োগ কৰিছে। বিজেপিয়ে জয়ন্তমল্ল বৰুৱা আৰু সহকাৰী হিচাপে বিধায়ক বলীন চেতিয়াক নিয়োগ কৰিছে। কংগ্ৰেছে পৃথিৱীৰাজ সাথে আৰু ই পি পি এলে জয়ন্ত বসুমতাৰীক নিয়োগ কৰিছে প’লিং এজেন্ট হিচাপে।
অগপৰ লৈ প’লিং এজেন্ট হিচাপে থাকিব কেশৱ মহন্ত আৰু বিপিএফৰ প্ৰবীণ বড়ো প’লিং এজেন্ট হিচাপে থাকিব। ৫বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছত ৬বজাত ঘোষণা হব ফলাফল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YPia6AQ
via IFTTT
Comments
Post a Comment