পুটিনৰ সৈতে আলোচনা কৰিবলৈ সাজু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি…

ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ অব্যাহত আছে।ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে কয় যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে আলোচনা কৰিবলৈ সাজু আছে। কিন্তু যদি আলোচনা সফল নহয়, তেন্তে তৃতীয় বিশ্ব যুদ্ধ হোৱাৰ আশংকা অধিক।
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি থকাৰ মাজতেই জেলেনস্কীয়ে এই মন্তব্য আগবঢ়াই।তাৰ পূৰ্বে জেলেনস্কীয়ে যুদ্ধ বন্ধ কৰাৰ বাবে পুটিনৰ লগত কথা পাতিবলৈ বিচাৰিছিল।
উল্লেখ্য যে, ইউক্ৰেইনৰ কেইবাখনো চহৰত ৰাছিয়াই ধ্বংসলীলা সৃষ্টি কৰিছে।প্ৰতিদিনেই বিভিন্ন স্থানত ৰাছিয়াই কৰা গোলাবৰ্ষণ, বোমা বৰ্ষণৰ খবৰ দেখিবলৈ পোৱা গৈছে। অন্যহাতে এই যুদ্ধ দমাবৰ বাবে ৰাছিয়াৰ ওপৰত বিভিন্ন দেশে নিষেধাজ্ঞা জাৰি কৰিলেও ৰাছিয়াই পিছুৱাই যোৱা নাই বা যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো মন্তব্য কৰা নাই। পৰৱৰ্তী সময়ত যদি ৰাষ্ট্ৰপতি দুইগৰাকীয়ে আলোচনাত মিলিত হয় তেন্তে কি সিদ্ধান্ত ল’ব সেয়া হ’ব লক্ষণীয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gjPLCkm
via IFTTT
Comments
Post a Comment