শশীকান্ত দাস ভগৱান নহয়…

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ এখন আসনত জয়ৰ বাবে পূৰ্ণ প্ৰচেষ্টা চলাইছে কংগ্ৰেছে। দেওবাৰে বিয়লি হোটেল ৰয়েল দ্য কাছাত বিৰোধী বিধায়িনী দলৰ এখনি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত হৈ ছয়গাওঁ সমষ্টি বিধায়ক ৰেকিবুদ্দিন আহমেদে বিধায়ক বেচা-কিনাক লৈ বিজেপিক একপ্ৰকাৰৰ হুংকাৰ প্ৰদান কৰি কয়- ”সংখ্যা আমাৰ লগত আছে, আমাৰ বিধায়ক ক্ৰয়ৰ অপচেষ্টা নকৰিব।”
বিধায়কগৰাকীয়ে লগতে সংবাদিকৰ প্ৰশ্নত কয়- দ্বিতীয়খন আসনৰ বাবে সংখ্যা আমাৰ লগত আছে গতিকে ১০০শতাংশই আমি জিকিম। এজন বিধায়কেও আমাক গাদ্দাৰী নকৰে বুলি লিখি থৈ দিয়ক। শশীকান্ত দাসৰ সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়- শশীকান্ত দাস ভগৱান নহয় যে তেওঁ বিজেপিক ভোট দিলেই আমি হাৰি যাম।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/rRWQdi2
via IFTTT
Comments
Post a Comment