চাহ শ্রমিকৰ ১৪দফীয়া সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্রীলৈ স্মাৰক পত্র প্ৰেৰণ…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ভাৰতীয় চাহ মজদূৰ সংঘৰ মাৰ্ঘেৰিটা শাখাই আজি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগে চাহ শ্রমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্রীলৈ এক স্মাৰক পত্র প্রেৰণ কৰে ।

মাৰ্ঘেৰিটা শাখাৰ সভাপতি এ ৰামা ৰাও আৰু সম্পাদক নিৰ্মল দাস স্বাক্ষৰিত স্মাৰক পত্র যোগে চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫১ টকা কৰা, দেওবাৰৰ বন্ধৰ দিন যদিও মজুৰি ব্যৱস্থা কৰক, চাহ বাগিচা বিদ্যালয় সমূহ প্রাদেশীকৰণ কৰা, চাহ বাগিচাৰ চিকিৎসালয় সমূহত উন্নত সেৱাৰ ব্যৱস্থা কৰা, অৱসৰ প্রাপ্ত চাহ শ্রমিকক ভূমিৰ পট্টা প্রদান কৰা, ব্যক্তিগত খণ্ডৰ চাহ ফেক্টৰী সমূহত কাম কৰা শ্রমিকৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা , চাহ মুখ্য কায্যালয় অসমত স্থাপন কৰা আদি ১৪ দফীয়া দাবী উত্থাপন কৰে ।

উল্লেখ যে দীৰ্ঘদিন ধৰি সংঘটনটোৱে চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চৰকাৰক বিভিন্ন মাধ্যমেৰে দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰি আহিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/R4dr709
via IFTTT

Comments