প্ৰবঞ্চনাৰে কোটি টকা ঋণ আদায় কৰা দুই প্ৰবঞ্চকক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ , নগাঁও : বিভিন্ন বিত্তীয় প্ৰতিস্হানত নকল নথি পত্ৰ দেখূৱাই ঋণ আদায় কৰা এক প্ৰবঞ্চকৰ দলৰ দুজন সদস্য পৰিছে আৰক্ষীৰ জালত ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰবঞ্চক দুজনৰ নাম হৈছে ডুমডুমীয়াৰ জেঙনিৰ আছিকুৰ ৰহমান আৰু ওপৰ ডুমডুমীয়াৰ ৰিবুল দাস ৷ আন এজন প্ৰবঞ্চক মিজানুৰ আলি পলাতক অৱস্হাত আছে ৷ মিজানুৰৰ ঘৰ ৰামপুৰ চলা পথাৰত ৷

জানিব পৰা মতে ৰিবুল আৰু আছিকুৰে শণিবাৰে এখন মটৰ চাইকেল প্ৰবঞ্চনাৰে ক্ৰয় কৰিবলৈ আহি ধৰা পৰে ৷ শেনচোৱাত দুই প্ৰবঞ্চকক এটি বিত্তীয় প্ৰতিস্হানৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি সন্ধ্যা ভাগত কৰায়ত্ব কৰে ৷ পিছত আৰক্ষীক চমজাই দিয়ে ৷ দলটোয়ে বিত্তীয় প্ৰতিস্হান শ্ৰীৰাম ফাইনেঞ্চ , এল এন টি ফাইনেঞ্চ , এইছ ডি এফ চি আদিৰ পৰা ভূৱা নথি পত্ৰতে ঋণ আদায় কৰি বিভিন্ন গাড়ী ক্ৰয় কৰে ৷ ইয়াৰ ভিতৰত আছে জে চি বি , ট্ৰেক্টৰ , মটৰ চাইকেল আদি ৷ দলটোয়ে গাড়ী সমূহ ক্ৰয় কৰি লগে লগে বিভিন্ন গ্ৰাহকক বিক্ৰি কৰি দিয়ে ৷

পিছত বিত্তীয় প্ৰতিস্হান সমূহে ঋণ ঘূৰাই নাপায় এই প্ৰবঞ্চকৰ দলটোৰ কাষলৈ যায় যদিও দলটোৰ সদস্যই চোকা অস্ত্ৰ দেখূৱাই খেদি পঠায় ৷ অভিযোগ মতে প্ৰবঞ্চকৰ দলটোক বিত্তীয় প্ৰতিস্হানৰ একাংশ কৰ্মচাৰীয়ে ঋণ আদায় দিয়াৰ ক্ষেত্ৰত সহায় কৰে ৷ ইয়াৰ বিনিময়ত প্ৰবঞ্চকৰ দলটোৰ পৰা এক লাভজনক ধন লাভ কৰে ৷

আৰক্ষীয়ে কেবাকোটি টকা প্ৰবঞ্চনাৰে বিত্তীয় প্ৰতিস্হানৰ পৰা আদায় কৰি নিয়া দলটোৰ সদস্য প্ৰবঞ্চক দুজনক জেৰা চলাই আছে ৷ এই দলটোৰ মূল মাষ্টাৰমাইণ্ড পলাতক মিজানুৰ আলি বুলি গ্ৰেপ্তাৰ হোৱা আছিকুল আৰু ৰিবুলে স্বীকাৰ কৰিছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/87IjWwy
via IFTTT

Comments