ধেমাজিত ধুমুহাৰ তাণ্ডৱঃ কেবাখনো গাওঁৰ ঘৰদোৱাৰ গছ-গছনি তচনচ…

ডিজিটেল সংবাদ ,ধেমাজিঃ অসম- অৰুণাচলৰ সীমান্তবৰ্তী এলেকাৰ ধেমাজি জিলাখনৰ কেইবাখনো গাওঁত বৃহস্পতিবাৰে মাজ ৰাতি হোৱা প্ৰৱল আৰু বৃষ্টিপাতৰ ফলত ঘৰদুৱাৰ গছ-গছনি ভাঙি তাণ্ডৱৰ সৃষ্টি কৰে ৷

জানিব পৰা মতে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত লক্ষীপথাৰ গাৱঁ পঞ্চায়তৰ অন্তৰ্গত নিৰ্মালীগাওঁ, ভকতগাওঁ, মেলেকী,হাতীপাৰাকে আদি কৰি প্ৰায় ১০ খনত অধিক গাঁৱত সৰ্বাধিক ক্ষতিগ্ৰস্ত হয় । পিছ নিশা প্ৰায় ১০ মিনিট মান ধৰি হঠাতে হোৱা ধূমুহাই অঞ্চলটোৰ বহু গছ-গছনি ভাগি বাট পথ বন্ধপ্ৰায় হৈ পৰা লগতে বিজুলী যোগানৰ তাৰ ছিগি পৰে ৷

বহু লোকৰ ঘৰৰ টিনপাট ধুমুহাত উৰি যোৱাৰ ফলত নিশা বৰষুণৰ মাজতেও বহুলোকে কটাবলগা পৰিস্থিতিৰ সৃষ্টি হয়। ধুমুহাৰ এই তাণ্ডৱৰ ফলত ঘৰুৱা আচবাব, কাপোৰ কানি, ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ আদি প্ৰায়বোৰ প্ৰয়োজনীয় নথিপত্ৰ ক্ষতিসাধন হৈছে ৷ শুকুবাৰে সন্ধিয়া পৰ্যন্ত জিলা প্ৰশাসনে এই ধুমুহাত হোৱা ক্ষয়ক্ষতি পৰিমান অৱগত কৰা নাই।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/CaRxZ1D
via IFTTT

Comments