দেওবাৰৰ পৰা চলিব আন্তঃৰাষ্ট্ৰীয় বিমানঃ ইচ্ছানুসৰি ল’ব পাৰিব কোভিডৰ বুষ্টাৰ পালি…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে বিদেশৰ পৰা অহা লোকসকলক কোভিডৰ বুষ্টাৰ পালি প্ৰদান কৰিব। ইয়াৰ বাবে, চৰকাৰে বুষ্টাৰ পালিত প্ৰদান কৰিবলগা ৰেহাইৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই সন্দৰ্ভত অতি শীঘ্ৰে এক নিৰ্দেশ জাৰি কৰিব পাৰি। ২৭ মাৰ্চৰ পৰা দেশত আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ হ’ব। যাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈছে।
ইউৰোপৰ বহুতো দেশত বাহিৰাষ্ট্ৰৰ পৰা অহা ভ্ৰমণকাৰীসকলৰ বাবে এক বুষ্টাৰ পালি বাধ্যতামূলক কৰা হৈছে। আনহাতে ভাৰতত কেৱল ৬০ বছৰৰ অধিক বয়সৰ লোকসকলেহে বুষ্টাৰ পালি প্ৰদান কৰা হৈছে।
উল্লেখ্য যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল। এই পত্ৰৰ আধাৰতে স্বাস্থ্য মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে বিদেশলৈ যোৱা ভাৰতীয়সকলে যিকোনো ব্যক্তিগত চিকিৎসালয়লৈ গৈ বুষ্টাৰ পালি গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰা হ’ব। ইয়াৰ বিনিময়ত তেওঁলোকে এটা নিৰ্দিষ্ট মূল্য পৰিশোধ কৰিব লাগিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি লিখিছে যে, যিসকলে অধ্যয়ন, চাকৰি, ব্যৱসায় বা ক্ৰীড়াৰ বাবে বিদেশলৈ গৈ আছে তেওঁলোকে তাৎক্ষণিক ভাৱে বুষ্টাৰ পালি প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। অনাগত দিনত লাখ লাখ মানুহ বিদেশলৈ যাব। এই পত্ৰখনৰ পিছত স্বাস্থ্য মন্ত্ৰালয়ত আলোচনা হৈছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/aQd3NML
via IFTTT
Comments
Post a Comment