চিৰাঙত চাঞ্চ্যলকৰ ডকাইতি কাণ্ড; শূণ্যলৈ গুলী ফুটাই লুটি নিলে কেইবালাখ টকা…

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ আমটেকাত অচিনাক্ত বন্দুকধাৰী ডকাইতৰ সন্ত্ৰাস । শূন্যলৈ গুলীচালনা কৰি গৃহস্থৰ ঘৰত লুন্ঠন চলালে বন্দুকধাৰী ডকাইতৰ দলে ।
এই চাঞ্চ্যলকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে মঙলবাৰে নিশা আঠ বজাত ।

ভাৰত-ভুটান সীমান্ত এলেকাৰ মালিভিটা ইন্দ্ৰপুৰ বাসিন্দা কৃষ্ণে লুইটেলৰ ঘৰত কালি নিশা পিষ্টলেৰে শূণ্যলৈ গুলী ফুটাই ডকাইতৰ দলে লুটি নিছে তিনি লাখ আশী হেজাৰ টকা আৰু ওচৰৰে জৌমনাগুৰীৰ অবিনাশ মুছাহাৰী নামৰ আন এজন লোকৰ ঘৰত অনুৰূপ ভাবে নগদ দুই লাখ টকা আৰু সোণৰ অলংকাৰ লুটি যায় ।

একেনিশাই কৃষ্ণে লুইটেলৰ ঘৰত তিনিজাই আৰু অবিনাশ মুছাহাৰীৰ ঘৰত দুইজাঁই শূন্যলৈ গুলীচালনা কৰে । বিটিআৰ শান্তি চুক্তি সম্পাদিত হোৱাৰ দুটা বছৰ পিছত এনেদৰে গুলীচালনা কৰি ডকাইতি কাণ্ড সংঘটিত ঘটনাই চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত তীব্ৰ আতংক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/fHuRXKv
via IFTTT

Comments