ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য…

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে অবধাৰিত ভাৱেই বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। বুধবাৰে একেৰাহে দ্বিতীয়দিনৰ বাবেও বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য। দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজিলেৰ মূল্যত ৪০ পইছাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে মুম্বাইত পেট্ৰ’লৰ মূল্যত ৮৫ পইছা আৰু কলকাতাত ৮৩ পইছাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৭.০১ লৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলৰ মূল্য ৮৮.২৭ টকালৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে মঙলবাৰৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছৰে পৰা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ বিষয়ে জল্পনা-কল্পনা চলি আছে। শেষবাৰৰ বাবে ৪ নৱেম্বৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল। কোৱা হৈছে যে এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ৪৫ শতাংশ বৃদ্ধি পাইছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/d3eWRJq
via IFTTT
Comments
Post a Comment