জাপানৰ প্ৰধানমন্ত্ৰীক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দিলে এক বিশেষ উপহাৰ…

ডিজিটেল ডেস্কঃ শনিবাৰে ভাৰত ভ্ৰমণলৈ অহা জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উপহাৰ দিয়ে শ্ৰীকৃষ্ণ-ৰাধা অংকিত ময়ুৰ পখী। চন্দন কাঠৰে নিৰ্মিত এই বিশেষ স্তম্ভটোত ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন মুদ্ৰা অংকিত কৰা হৈছে।
প্ৰাপ্ত খবৰ অনুসৰি ৰাজস্থানত নিৰ্মাণ কৰা হৈছিল এই বিশেষ স্তম্ভটো। ৰাজস্থানৰ চুৰু জিলাৰ এগৰাকী বিখ্যাত প্ৰতিমা নিৰ্মাতা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে এই বিশেষ স্তম্ভটো। উল্লেখ্য যে, শনিবাৰে ৩বাজি ৪০মিনিটত ভাৰতত উপস্থিত হৈছিলহি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী।
জাপান চৰকাৰৰ মুৰব্বী হিচাপে ফুমিঅ’ কিছিদাৰ এয়া হৈছে প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়চোৱাত দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ মাজত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হব। দেশ দুখনৰ মাজত আৰ্থিক আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্য ইতিমধ্যে দিল্লীত আলোচনাত বহিছে দুয়ো।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0HRcLt7
via IFTTT
Comments
Post a Comment