পুনৰ আৰম্ভ কোৰোনাৰ ত্ৰাস! ১০ খনকৈ চহৰত লকডাউন…

ডিজিটেল ডেস্ক: চীনত পুনৰ আৰম্ভ হৈছে কোৰোনাৰ ত্ৰাস। মঙলবাৰে চীনত কোৰোনাত প্ৰায় ৫,২৮০ জন লোক আক্ৰান্ত হয়। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে জনোৱা অনুসৰি মাত্ৰ কেইদিনমানৰ ভিতৰতে এদিনত সৰ্বাধিক ৫ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।
চীনত সকলোতকৈ বেছি জিলিন প্ৰান্তত বেছিকৈ কোৰোনাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই চীনৰ ১০খন চহৰত লকডাউন জাৰি কৰা হৈছে।ইয়াৰ ভিতৰত ছেনজেন চহৰো অন্যতম যত প্ৰায় ১.৭ কোটি লোক আছে।
উল্লেখ্য যে, কোৰোনাত নতুন ত্ৰাসে চিন্তিত কৰিছে চীনক। ইয়াৰ বাবেই দেশখনৰ বিভিন্ন প্ৰান্তত বহু নিষেধাজ্ঞা জাৰি কৰা হৈছে। কিছুমান চহৰত লকডাউন দিয়াৰ উপৰিও আন অঞ্চলত স্কুল-কলেজ আদি বন্ধ কৰি দিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6u8U2GO
via IFTTT
Comments
Post a Comment