নগাঁৱত একেলগে নিৰ্মাণ হ’ব ৪ খনকৈ উৰনীয়া সেতুঁ…

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ বাবে সু-খবৰ ৷ এখন দুখন নহয় নগাঁও জিলাত নিৰ্মাণ হ’ব চাৰিখনকৈ উৰনীয়া সেঁতু ৷ সুচল যাতায়তৰ বাবে চাৰিখনকৈ উৰনীয়া সেতুঁ নগাঁও জিলাত নিৰ্মাণ হ’ব লগা বিষয়টোৱে আনন্দিত কৰি তুলিছে জিলাখনৰ লোকক ৷ নগাঁৱত উৰনীয়া সেতুঁ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে ৷

নগাঁৱৰ লগতে ৰাজ্যখনত সৰ্বমুঠ দহখন উৰনীয়া সেতুঁ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে ৷ ৭৩৮ কোটি টকা কেন্দ্ৰীয় চৰকাৰে এই ১০ খন উৰনীয়া সেতুঁ নিৰ্মাণৰ বাবে ব্যয় কৰিব ৷ নগাঁও জিলাত নিৰ্মাণ হ’ব লগা উৰনীয়া সেতুঁ কেইখনৰ স্হান হৈছে কঠিয়াতলি , বৰঘাট , ডিমৌ আৰু ৰহা ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে ৰাজ্যত নিৰ্মাণ হ’ব লগা ১০ খন উৰনীয়া সেতুঁৰ বিষয়ে সামাজিক মাধ্যমত সদৰি কৰিছে ৷ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৭৩৮ কোটি টকা ব্যয়ৰে ৰাজ্যত ১০খনকৈ উৰনীয়া সেতুঁ নিৰ্মাণৰ বাবে অনুমোদন জনোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয়মন্ত্ৰী নিতিন গাডকাৰীক কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NLHDoXE
via IFTTT

Comments