সমস্যা সমাধানত ব্যৰ্থ চৰকাৰঃ প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীলৈ কঠোৰ নিৰ্দেশ, জিলাই জিলাই আটক টেট উত্তীৰ্ণ শিক্ষক…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ২০ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত উত্তাল হ’ব গুৱাহাটী মহানগৰ। গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা টেট শিক্ষকসকলৰ আগমণ ঘটিছে গুৱাহাটীলৈ।
‘গুৰু-গৰ্জন’ শীৰ্ষক এই প্ৰতিবাদত অংশগ্ৰহণৰ বাবে অহা শিক্ষকসকলক ইতিমধ্যে আৰক্ষীয়ে বিভিন্ন স্থানত বাধা দিয়াৰ খবৰ লাভ কৰা গৈছে। আনহাতে গুৱাহাটীত এই প্ৰতিবাদী কাৰ্যসূচী ৰোধ কৰিবলৈ বিভিন্ন স্থানত আৰক্ষী মোতায়েন কৰাৰ লগতে সৰ্বশিক্ষাৰ কাৰ্যালয়ত আৰক্ষী বেহু ৰচনা কৰা হৈছে।
সৰ্বশিক্ষা কৰ্তৃপক্ষৰ সৈতে টেট উত্তীৰ্ণ শিক্ষকৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছতে টেট শিক্ষকসকলে এই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল। জানিব পৰা মতে জিলাসমূহৰ পৰা যাতে কোনো কাৰণতে শিক্ষকসকলে আহি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
ইতিমধ্য মঙ্গলবাৰে নিশাই উজনি অসমৰ বহু কেইখন জিলাত নিশাই শিক্ষকসকলক আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ উপৰিও প্ৰতিবাদত অংশগ্ৰহণৰ বাবে অহা শিক্ষকৰ বহু কেইখন বাহন জব্দ কৰিছে। ইয়াৰ উপৰিও গুৱাহাটীৰ ৰে’লৱে ষ্টেচনসমূহতো আৰক্ষী মোতায়েন কৰা হৈছে। কোনো কাৰণতে যাতে শিক্ষকসকলে গুৰু-গৰ্জন কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/MPXOTnI
via IFTTT
Comments
Post a Comment