নৱোদয় বিদ্যালয়ত অসমীয়া ভাষা প্ৰৱৰ্তনৰ দাবী, ওদালগুৰিত ১৪ টাকৈ সংগঠনৰ স্মাৰক পত্ৰ প্ৰদান…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অসমীয়া বিষয়টি “আধুনিক ভাৰতীয় ভাষা” হিচাপে প্ৰৱৰ্তন কৰাৰ বাবে আজি ওদালগুৰি জিলাৰ ১৪ টাকৈ ছাত্ৰ সংগঠন আৰু সাহিত্য সভাই ওদালগুৰি জিলা উপায়ুক্তৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰ খনত উল্লেখ কৰে যে ওদালগুৰিৰ শিক্ষাব্যৱস্থাত এক বিশেষ ভূমিকা পালন কৰি অহা ওদালগুৰিৰ সোণাইগাওঁস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত অসমীয়া বিষয়টি “আধুনিক ভাৰতীয় ভাষা” চমুকৈ MIL শিতানত সুকীয়াকৈ আজি পৰ্যন্ত নথকাৰ বাবে বহু শিক্ষাৰ্থীয়ে বিষয়টি অধ্যয়ণৰ পৰা বঞ্চিত হৈ আহিছে।
বিদ্যালয়খনত অধ্যয়ণৰ বাবে অহা অধীকাংশ শিক্ষাৰ্থী অসমীয়া মাধ্যমৰ পৰা অহা বাবে পাঠ্যক্ৰমত অসমীয়া বিষয়টি অধ্যয়ণ কৰিবলৈ আগ্ৰহী যদিও আজি পৰ্যন্ত এইসকলে বঞ্চিত হৈ আছে। শিক্ষাৰ অধিকাৰ আইন অনুসৰি যিহেতু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাতৃভাষা মাধ্যমত অধ্যয়ণৰ অধিকাৰ আছে, গতিকে আগন্তুক এপ্ৰিলৰ পৰা আৰম্ভ হবলগীয়া নতুন শিক্ষাবৰ্ষৰ পৰাই বিদ্যালয়খনত অসমীয়া বিষয়টি আধুনিক ভাৰতীয় ভাষা হিচাপে প্ৰৱৰ্তন কৰিবলৈ স্মাৰকপত্ৰযোগে আহ্বান জনায়।
উক্ত ম্মাৰকপত্ৰখনত সমৰ্থন আগবঢ়ায় ক্ৰমে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰাভা সাহিত্য সভা, ৰাভা ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আক্ৰাছু, শৰণীয়া কছাৰী সাহিত্য সভা, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, নেপালী সাহিত্য সভা, গোৰ্খা ছাত্ৰ সন্থা, চানতালি সাহিত্য সভা, আদিৱাসী ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী আদিৱাসী ছাত্ৰ সন্থা, সংখ্যালঘু ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pCAnh6M
via IFTTT
Comments
Post a Comment