সাংবাদিক ছহিদ অনিল মজুমদাৰৰ ১৩ সংখ্যক স্মৃতি দিৱস…

ডিজিটেল ডেস্কঃ সাংবাদিক ছহিদ অনিল মজুমদাৰৰ আজি ১৩ সংখ্যক মৃত্যু দিৱস। ২০০৯ চনৰ ২৪ মাৰ্চ তাৰিখে নিশা দৈনিক কাকত ‘আজি’ৰ তদানীন্তন স্বত্বাধিকাৰ তথা সম্পাদক অনিল মজুমদাৰে নিজৰ গাড়ীৰে উলুবাৰীস্থিত কাৰ্যালয়ৰ পৰা ৰাজগড়ৰ নিজা বাসভৱনলৈ অহাৰ সময়ত বাসভৱনৰ গেটৰ সন্মুখতে পূৰ্বৰে পৰা খাপ পিটি থকা অস্ত্ৰধাৰী আততায়ীয়ে তেওঁক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰে।

মজুমদাৰৰ গাড়ীৰ চালকগৰাকী গেটৰ মুখত গাড়ীখন ৰাখি গেট খুলিবলৈ লওঁতেই মজুমদাৰৰ কাষ চাপি অহা এজন অস্ত্ৰধাৰীয়ে কেইবাটও গুলীৰে সাংবাদিকৰ দেহ থকা-সৰকা কৰি সেই স্থানৰ পৰা আঁতৰি যায়। লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে সংঘটিত এই ঘটনাৰ পিছত তেওঁক ততাতৈয়াকৈ ইণ্টাৰনেচনেল হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

বৰ্বৰ এই ঘটনাক কেন্দ্ৰ কৰি নিশাৰ পৰাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত সেই সময়ৰ মুখ্যমন্ত্ৰী তুৰুণ গগৈকে ধৰি বিভিন্ন মন্ত্ৰী, ৰাজনৈতিক নেতাকে প্ৰমুখ্য কৰি সংগ্ৰামী নেতৃত্ব আৰু আৰক্ষী প্ৰশাসনৰ মূৰব্বী তেওঁৰ ঘৰলৈ আহি হত্যাকাৰীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

কিন্তু অতি ৰহস্যজনক ভাৱে ইয়াৰ তদন্ত চলি থকাৰ মাজতে উক্ত হত্যা কাণ্ডত প্ৰত্যক্ষভাৱে জড়িত বুলি তদন্তকাৰী সংস্থাই চিহ্নীত কৰা আত্মসমৰ্পনকাৰী আলফা বিজয় ফুকনৰ মৃতদেহ অতি ৰহস্যজনকভাৱে মুকালমুৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উদ্ধাৰ হয়। অৱশ্যে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত হে বিজয় ফুকন যে উক্ত হত্যাকাণ্ডত জড়িত আছিল সেই বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হয়।

স্বাভাৱিক ভাৱেই বিষয়টোৱে ৰহস্য অধিক ঘনিভূত কৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে পত্নী মল্লিকা মজুমদাৰে উচ্চ ন্যায়ালয়ত তকা আৱেদনৰ ভিত্তিত হত্যাকাণ্ডৰ দায়িত্ব চি বি আইক অৰ্পন কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ ৬ মাহৰ অধিক কাল পাৰ হৈ যোৱাৰ পিছত নতনুকৈ দায়িত্ব লোৱা আৰক্ষী সঞ্চালক প্ৰধান জয়ন্ত নাৰায়ণ চৌধুৰীয়ে গোচৰটো চি বি আইলৈ হস্তান্তৰ কৰে।

চি বি আইয়ে ৫ বছৰৰ তদন্ত চলোৱাৰ অন্তত অনিল মজুমদাৰক বিজয় ফউকনেই হত্যা কৰা বুলি নিশ্চিত কৰে যদিও ইয়াৰ তদন্ত চলি থকাৰ সময়তে হত্যাকাৰী বিজয় ফুকনক হাওৰাঘাটস্থিত বাসভৱনৰ পৰা মাতি আনি কোনে, কেনেকৈ হত্যা কৰি মৃতদেহ ব্ৰহ্মপুত্ৰৰ পাৰত পেলাই থলে সেই তথ্য উদঘাটন কৰিবলৈ সক্ষম নহ’ল।

আন্ধাৰতে থাকি গ’ল এই ৰহস্য। সাংবাদিকগৰাকীৰ দুটি কন্যা সন্তানৰ প্ৰথমটি স্নাতক শাখাৰ আৰু দ্বিতীয়গৰাকী অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী। আনহাতে শেহতীয়াকৈ পত্নীও স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে। পৰিয়ালটোৱে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত আজি কামৰূপ গ্ৰাম্য জিলাৰ সোণতলীস্থিত নাজমা হীৰা মেমৰিয়েল প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ মাজত সা-সামগ্ৰী বিতৰণ আৰু সাংবাদিকগৰাকীৰ স্মৃতিচাৰণেৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/nRNTPjO
via IFTTT

Comments