মায়ঙৰ বিশিষ্ট সমাজ কৰ্মী মোহন বংশী চৰকাৰৰ মৃত্যু…

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক মোহন বংশী চৰকাৰৰ দেওবাৰে সন্ধিয়া ৬.৩০ বজাত নিজ বাসভৱনত মৃত্যু হয়।বাৰ্ধক্যজনীত কাৰণত দীৰ্ঘদিন ধৰি ঘৰতে অসুস্থ হৈ থাকি অৱশেষত ৭৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।
বিশিষ্ট সমাজ কৰ্মীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ মায়ং,পকৰিয়া ,মনহা মৌজা অঞ্চলৰ ৰাইজক শোক স্তব্ধ কৰিছে।উল্লেখযোগ্য যে বান বিধ্বস্ত বুৰগাঁও অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান বুৰগাঁও হাইস্কুলৰ পৰা ২০০৯ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ।
শিক্ষকতাৰ সমান্তৰাল কৈ প্ৰয়াত চৰকাৰে অঞ্চলটোৰ প্ৰতিটো সামাজিক কামত জড়িত হৈ পৰিছিল। পকৰিয়া মৌজাৰ হিন্দু মুছলমান সকলোৰে বাবে বটবৃক্ষৰ দৰে হৈ থকা মোহন বংশী চৰকাৰৰ মৃত্যু অঞ্চলটোৰ বাবে এক অপুৰণীয় ক্ষতি ।বহু অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিষ্ঠাপক আছিল।
মায়ং সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটি,মায়ং মহকুমা দাবী সমিতি কে ধৰি বহু কমিটিৰ লগত জড়িত আছিল মোহন বংশী চৰকাৰ। সামাজিক কামেৰে হিন্দু মুছলমান সকলোৰে মাজত প্রিয় ভাজন হৈ পৰা মোহনবংশী চৰকাৰে জাগীৰোড বিধান সভা সমষ্টিৰ পৰা ১৯৭৮, ১৯৮৩ আৰু ১৯৮৫ চনত তিনি বাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।
অৱশ্যে জয়ী হ’ব নোৱাৰিলেও সক্ৰিয় ৰাজনীতি এৰি দিয়া নাছিল।মৰিগাঁও মহকুমা পৰিষদৰ লগতে অনুসূচীত জাতি পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিছিল ১৯৭৮ চনত। ভাৰত বৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত গোষ্ঠী সংঘৰ্ষ,সাম্প্ৰদায়িক সংঘৰ্ষ যেতিয়া সৃষ্টি হয় সেই সময়ত পকৰিয়া মায়ং মৌজা আদি এলেকাত শান্তি সভা অনুষ্ঠিত কৰি সকলোৰে মাজত শান্তি প্ৰতিষ্ঠা কৰি হিন্দু মুছলমান ৰাইজক একত্ৰিত কৰি ৰাখিবলৈ সক্ষম হৈছিল প্ৰয়াত সমাজ কৰ্মী গৰাকী।
দেওবাৰে চৰকাৰৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে সকলো সম্প্ৰদায়ৰ বহু লোকে ভিৰ কৰে তেখেতৰ বাস ভৱনত।অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত পত্নী,দুই পুত্ৰ,তিনি জীয়ৰী, আৰু পৰিয়ালৰ লগতে বহু শুভাকাংক্ষীক এৰি থৈ যায় ইহ সংসাৰত প্ৰয়াত মোহনবংশী চৰকাৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7GTvUk9
via IFTTT
Comments
Post a Comment