কংগ্ৰেছৰ মিটিঙত কি আলোচনা হয় চব মই জানোঃ গোপন খবৰ কোনে দিয়ে হিমন্ত বিশ্ব শৰ্মাক…

ডিজিটেল ডেস্কঃ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক বেচা-কিনা প্ৰসংগক লৈ সোমবাৰে উত্তপ্ত হৈ পৰে অসম বিধানসভা। বিৰোধীৰ উত্তাল প্ৰতিবাদত উত্তপ্ত হৈ পৰা সদনত মুখ্যমন্ত্ৰীয়ে উক্ত বিষয়টোক লৈ সদনত মন্তব্য ৰাখে। বিৰোধীৰ কটাক্ষৰ প্ৰত্যুত্তৰ দি ড০ শৰ্মাই কয়- মই কোনো বিৰোধীৰ বিধায়কৰ ঘৰলৈ যাব নোৱাৰিম নেকি? এগৰাকী মুখ্যমন্ত্ৰী যদি বিৰোধী বিধায়কৰ ঘৰলৈ যাব নোৱাৰে তেন্তে মই নাযাও।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দেওবাৰে অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকক লৈও মন্তব্য ৰাখে। তেওঁ কয়- কালি কংগ্ৰেছৰ মিটিঙত কি আলোচনা হৈছে মই জানো। কি কি কথা পাতিছে মোক কোৱা মানুহ আছে। কালি তেওঁলোকে আলোচনা কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম। কংগ্ৰেছৰ মিটিঙৰ কথা মই কব নালাগে যদিও মই চব গম পাই থাকো।

মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ নাম নোলোৱাকৈ কটাক্ষ কৰি কয়- এজনে কালি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলক যেনেদৰে বেয়াকৈ কৈছে ৰাতি মোক কেইবাজনো বিধায়কে ফোন কৰিছে আৰু কৈছে যে, খোলাকৈ বিজেপিত ভোট দি দিও নেকি?

উল্লেখ্য যে, কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট আছে বুলি পূৰ্বতেও তেওঁ মুকলিকৈ কৈ আহিছে। বিধানসভা নিৰ্বাচনৰ সময়তো এই প্ৰসংগই সংবাদ শিৰোনাম দখল কৰিছিল কিন্তু শেহতীয়াকৈ পুনৰ এই বিষয়টো চৰ্চালৈ আহিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8oH9LOf
via IFTTT

Comments