চামগুৰিৰ হাঁহচৰা-বৰালীগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিত এতিয়া ভয়ংকৰ ৰূপ লৈছে হাতী- মানুহৰ সংঘাতে।শনিবাৰে নিশাও চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱৰ পথাৰত নিশা বন্যহস্তীৰ এটা জাকে তীব্ৰ উপদ্ৰৱৰ সৃষ্টি কৰে। বন্যহস্তীৰ এটা পাঁচ জনীয়া জাকটোৱে চামগুৰিৰ হাঁহচৰা-বৰালীগাঁৱৰ পথাৰত উপদ্ৰৱ চলাই বিনষ্ট কৰিলে বিঘাই বিঘাই ধান খেতি। যাৰ ফলত এতিয়া দৰিদ্ৰ কৃষক ৰাইজে মূৰে কপাঁলে হাত দিছে।
আনহাতে নিশাই বিগত পাঁচ দিন ধৰি নিতৌ বন্যহস্তীৰ জাকটোৱে চলাই অহা চূড়ান্ত উপদ্ৰৱৰ কথা স্থানীয় ৰাইজে উদমাৰী বন বিভাগক অৱগত কৰিলে যদিও বহু পলমকৈ বন বিভাগ উপস্থিত হোৱাৰ লগতে বন বিভাগৰ লোকে হাতী খেদিবলৈ কেৱল ফটকা ফুটায়ে দায় সৰা দেখি স্থানীয় কৃষক ৰাইজ ক্ষুব্দ হৈ পৰে।
ইয়াৰোপৰি কেইজনমান ঠিকাভিত্তিক বন বিভাগৰ কৰ্মচাৰীক হাতী খেদিবলৈ পঠাইয়ে বিভাগীয় উদ্ধৰ্তম কতৃপক্ষই দায়িত্ব সামৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে, চামগুৰিৰ হাঁহচৰা-বৰালীগাঁৱত এতিয়াৰ দৰে বিগত বৰ্ষতো বন্যহস্তীৰ এটা জাকে চূড়ান্ত উপদ্ৰৱৰ সৃষ্টি কৰিছিল।
The post চামগুৰিৰ হাঁহচৰা-বৰালীগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PB7jRQ
via IFTTT
Comments
Post a Comment