নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা ধ্ৰৱ শইকীয়াৰ মৃত্যু

ডিজিটেল ডেস্কঃ ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা ধ্ৰুৱ শইকীয়াই। শনিবাৰে নিশা ১১.৩০ বজাত অজস্ৰ লোকক কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় মাগিলে অসম আন্দোলনৰ অগ্ৰণী যোদ্ধা তথা জাতীয়তাবাদী নেতাগৰাকীয়ে। প্ৰভাৱশালী অধিবক্তা গৰাকীৰ বিয়োগত জিলাখনতে শোকৰ ছা পৰিছে।

জাতীয়তাবাদৰ হকে মাত মাতি দীৰ্ঘদিন তেওঁ ৰাইজৰ প্ৰাপ্যৰ হকেও বিভিন্ন কাৰ্য সম্পাদন কৰি আহিছিল। বিভিন্ন সামাজিক কামকাজ তথা সকলো লোকৰ প্ৰতি তেওঁ পালন কৰা দায়িত্বৰ বাবে জ্যেষ্ঠ অধিবক্তা ধ্ৰৱ শইকীয়াৰ মৃত্যুত শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে। ফৌজদাৰী পত্তীত বাস কৰা ধ্ৰৱ শইকীয়াই মৃত্যুৰ সময়ত পত্নীৰ লগতে পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে।

উল্লেখ্য যে, নগাঁৱৰ খনিকৰ ৰূপে পৰিচিত প্ৰয়াত মন্ত্ৰী প্ৰদীপ বৰাৰ পৰিয়ালৰ লোক আছিল ধ্ৰুৱ শইকীয়া। তেওঁপ পত্নী সুৰজ ৰাজখোৱাও এগৰাকী অধিবক্তা। ইফালে তেওঁৰ পুত্ৰ এগৰাকী অভিযন্তা আৰু কন্যা শিল্পী। কৰ্মসূত্ৰে কন্যা থাকে মুম্বাইত। নগাঁও অগপ কাৰ্যালয়, উকিল সন্থাৰ কাৰ্যালয়ৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যালয়ত তেওঁক দেওবাৰে শেষ শ্ৰদ্ধাঞ্জলী জনোৱা হ’ব।

নগাঁও সংগ্ৰামী মহল, জাতীয়তাবাদী শিৱিৰৰ লগতে নগাঁও আদালতত তেখেতৰ মৃত্যুত শোকৰ ছা পৰিছে। বিয়লি ২-২.৩০ বজাত নগাঁও শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব সকলোৱে মৰমতে ‘পিলি দা’ বুলি সম্বোধন কৰা জ্যেষ্ঠ অধিবক্তা ধ্ৰুৱ শইকীয়াৰ।

The post নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা ধ্ৰৱ শইকীয়াৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZItWDN
via IFTTT

Comments