সলনি হ’ল ট্ৰেফিক নিয়মঃ উলংঘা কৰিলে ভৰিব লাগিব ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা…

ডিজিটেল ডেস্কঃ ১ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰৰ পৰা জাৰি কৰা হ’ল মটৰ ভেহিকল এক্ট ২০১৯। এই নতুন নিয়ম অনুসৰি, নাবালিকে বাহন চলালে ২৫ হাজাৰ টকা জৰিমনা ভৰাৰ লগতে বাতিল কৰা হ’ব বাহনৰ ৰেজিষ্ট্ৰেশ্যন।
হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলালৈ ৫০০ৰ পৰা ১৫০০ টকা জৰিমনা ভৰিব লাগিব। নতুন নিয়ম অনুসৰি এই জৰিমনাৰ পৰিমান অধিক কৰা হৈছে। ইয়াৰ পূৰ্বে হেলমেট পৰিধান নকৰিলে ভৰিব লগা হৈছিল ১০০ৰ পৰা ৩০০ টকা পৰ্যন্ত।
একেদৰে বাহনৰ প্ৰদূষণ চাৰ্টিফিকেট নহ’লে পূৰ্বে ১০০ টকা জৰিমনা ভৰিব লগা হৈছিল যদিও, বৰ্তমান এই জৰিমান হৈছে ৫০০ টকা। আৰু লাইচেঞ্চ অবিহনে যদি কোনো লোকে বাহন চলাই তেন্তে ৫০০০ টকা ভৰিব লাগিব।
যান-বাহনৰ নতুন নিয়ম অনুসৰি, গাড়ী চলোৱা সময়ত যদি চালকে ফোনত কথা পাতে তেন্তে ভৰিব লাগিব ৫ হাজাৰ টকা। ইয়াৰ পূৰ্বে বাহন চলোৱা সময়ত ফোনত কথা পাতিলে জৰিমনা আছিল ১১০০ টকা। ঠিক একেদৰে ছীট বেল্ট লগাই বাহন নচলালে ১হাজাৰ টকা জৰিমনা ভৰিব লাগিব আৰু যদি কোনো লোকে মদ্যপান কৰি বাহন চলাই তেন্তে ১০ হাজাৰ টকা পৰ্যন্ত ভৰিব লগা হ’ব পাৰে। দৰাচলতে যান-বাহন আইন উলংঘা কৰা আৰু সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘঠনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নতুন নিয়ম জাৰি কৰা হৈছে।
The post সলনি হ’ল ট্ৰেফিক নিয়মঃ উলংঘা কৰিলে ভৰিব লাগিব ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NKs6Qy
via IFTTT
Comments
Post a Comment