সাৱধান পাকিস্তান! বৃদ্ধি হ’ব ভাৰতৰ শক্তি, চেপ্তেম্বৰতে আহি আছে ৰাফেল…

ডিজিটেল ডেস্কঃ অধিক শক্তিশালী হব ভাৰতৰ বায়ু সেনা। চলিত বৰ্ষৰ অহা ২০ চেপ্তেম্বৰত ফান্সৰ পৰা ভাৰতলৈ অনা হব ৰাফেলৰ প্ৰথমখন যুজাঁৰু বিমান। প্ৰাপ্ত খবৰ অনুসৰি ২০ চেপ্তেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বি এছ ধনোৱাৰ উপস্থিতিত ফান্সে ভাৰতৰ বায়ু সেনাক গতাব ৰাফেলৰ প্ৰথমকন যুজাঁৰু বিমান। ইতিমধ্যে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা এই কথা ৰাজহুৱা কৰা হৈছে।

যোৱা ২০১৬ চনত ভাৰত আৰু ফান্সৰ মাজত চুক্তি হৈছিল যে, ভাৰতে ফান্সৰ পৰা ক্ৰয় কৰিব ৩৬ খন ৰাফেল যুজাঁৰু বিমান। ইয়াৰ বাবে ভাৰতে ব্যয় কৰিছে ৭.৮৭ বিলিয়ন ইউৰো টকা। ৰাফেল বিমানসমূহ চলাবৰ বাবে ভাৰতীয় বায়ু সেনাই ২৪ জন জোৱানক প্ৰশিক্ষণ প্ৰদান কৰা হব। তিনিটা পৰ্যায়ত এই জোৱান সকলক প্ৰদান কৰা হব প্ৰশিক্ষণ। এই প্ৰশিক্ষণৰ বাবে বায়ু সেনাই ইতিমধ্যে হাৰিয়ানা, পশ্চিমবংগত নিৰ্মাণ কৰা হৈছে শিবিৰ।

উল্লেখ্যে যে, ৰাফেল হৈছে বিশ্বৰ সবাতোকৈ উন্নত যুজাঁৰু বিমান। পৰমাণু আক্ৰমণ কৰিবলৈও সক্ষম ৰাফেল। পাকিস্তান যুজাঁৰু বিমান এফ-১৬ কৈ বহুগুণে উন্নত ৰাফেল।

The post সাৱধান পাকিস্তান! বৃদ্ধি হ’ব ভাৰতৰ শক্তি, চেপ্তেম্বৰতে আহি আছে ৰাফেল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lPB82D
via IFTTT

Comments