সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পাছত জম্মু-কাশ্মীৰত খোল খাইছে বিকাশৰ পথঃ গৃহমন্ত্ৰী অমিত শ্বাহ…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিৰোধী দলক সমালোচনা কৰি দেওবাৰে কয়- জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাক লৈ যিয়ে প্ৰশ্ন কৰিছে, তেওঁলোক বিৰোধীৰ পক্ষত থিয় দিছে। লগতে তেওঁ কয় যে, ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পাছত জম্মু-কাশ্মীৰত গুলীবৰ্ষণো হোৱা নাই আৰু কোনো লোকৰ মৃত্যুও হোৱা নাই।
গৃহমন্ত্ৰীগৰাকীয়ে কয়- ‘প্ৰধানমন্ত্ৰী মোডীক আপোনালোকে পুনৰ দেশৰ দায়িত্ব অৰ্পণ কৰিলে। আৰু তেওঁ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমতে সংবিধানৰ ৩৭০ ধাৰা জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত ল’লে। আৰু এতিয়া জম্মু-কাশ্মীৰত খোল খাইছে বিকাশৰ পথ।
The post সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পাছত জম্মু-কাশ্মীৰত খোল খাইছে বিকাশৰ পথঃ গৃহমন্ত্ৰী অমিত শ্বাহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NU0l8f
via IFTTT
Comments
Post a Comment