সাংসদক আক্ৰমণৰ প্ৰতিবাদত পশ্চিম বংগ বিজেপিৰ ১২ ঘণ্টীয়া বন্ধৰ আহ্বান…

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ নৰ্থ ২৪ পৰগণাৰ বাৰাকপোৰ সমষ্টিৰ বিজেপি সাংসদ অৰ্জুণ সিঙক আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে ১২ ঘণ্টীয়া নৰ্থ ২৪ পৰগণা জিলা বন্ধ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে পশ্চিম বংগ বিজেপিয়ে। পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিজেপিয়ে বন্ধ আহ্বান কৰাৰ পিছতে জিলাখনৰ ৰাজপথত পৰিলক্ষিত হৈছে নিমাওমাও পৰিৱেশ।

ইফালে বিজেপি কৰ্মকৰ্তাসকলে বন্ধৰ মাজতে তৃণমূল কংগ্ৰেছ আৰু পশ্চিম বংগ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি কৰ্মীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত সমদল বাহিৰ কৰে। বন্ধৰ সময়ছোৱাত জিলাখনৰ প্ৰায়ভাগ অঞ্চলৰ দোকান পোহাৰ বন্ধ হৈ থকা দেখা যায়।

উল্লেখ্য যে, দেওবাৰে বাৰাকপোৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে আক্ৰমণৰ বলি হৈছিল বিজেপি সাংসদ অৰ্জুন সিং। মূৰত আঘাত পোৱা অৰ্জুন সিঙক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন সাংসদগৰাকীয়ে তেওঁক আক্ৰমণৰ আৰত তৃণমূল কংগ্ৰেছ আৰু আৰক্ষী জড়িত হৈ থকা বুলি অভিযোগ কৰে। সাংসদগৰাকীৰ অভিযোগ অনুসৰি তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে একাংশ তৃণমূল কৰ্মীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়। লগতে আৰক্ষী অধীক্ষক মনোজ বাৰ্মাৰ লাঠিৰ প্ৰহাৰত তেওঁ মূৰত আঘাত পায় বুলিও অভিযোগ কৰে।

The post সাংসদক আক্ৰমণৰ প্ৰতিবাদত পশ্চিম বংগ বিজেপিৰ ১২ ঘণ্টীয়া বন্ধৰ আহ্বান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lglWeB
via IFTTT

Comments