পাকিস্তানত কাৰাবান্দী কুলভূষণ যাদৱৰ সৈতে সোমবাৰে প্ৰথমবাৰলৈ কূটনৈকিত সাক্ষাৎ কৰিব ভাৰতে…

ডিজিটেল ডেস্কঃ পাকিস্তানত কাৰাবন্দী ভাৰতীয় নাগৰিক কুলভূষণ যাদৱৰ সৈতে সোমবাৰে প্ৰথমবাৰলৈ কূটনৈতিক বাৰ্তালাপ কৰিব ভাৰতে। খবৰ অনুসৰি কুলভূষণ যাদৱৰ সৈতে কূটনৈতিক মত বিনিময় কৰিব ভাৰতৰ ডেপুটি হাই কমিছনাৰ গৌৰৱ আহলুৱাদিয়াই। পাকিস্তানত কাৰাবন্দী যাদৱক সাক্ষাতৰ বাবে ইতিমধ্যে পাকিস্তানত থকা ভাৰতীয় দূতাবাসত উপস্থিত হৈছে গৌৰৱ আহলুৱাদিয়া।

ইফালে কুলভূষণ যাদৱক সাক্ষাতৰ বাবে ভাৰতৰ সন্মুখত দুটা চৰ্ত ৰাখিছে পাকিস্তানে। পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ৰ প্ৰৱক্তা মহম্মদ ফৈজলে টুইটযোগে প্ৰকাশ কৰা মতে, কুলভূষণ যাদৱক ভাৰত চৰকাৰৰ হৈ সাক্ষাৎ কৰাৰ সময়ত চিচিটিভি কেমেৰা অন ৰখা হ’ব আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ’ব। এই দুটা চৰ্ত মানি লোৱাৰ পিছতহে কুলভূষণ যাদৱক সাক্ষাৎ কৰিব পাৰিব ভাৰতে।

ইয়াৰ পূৰ্বে ভাৰতে কুলভূষণ যাদৱক সাক্ষাৎ আৰু কূটনৈতিক মত বিনিময় এক মুক্ত আৰু বাধাহীন পৰিৱেশত হোৱাটো বিচাৰিছিল। যাৰ বাবে বিগত মাহত পাকিস্তানে যাদৱক সাক্ষাতৰ বাবে ভাৰতক প্ৰস্তাৱ দিছিল যদিও ভাৰতে সেয়া স্বীকাৰ কৰা নাছিল। সেই সময়ত পাকিস্তানে আইনাৰ ৱাল, কুলভূষণ যাদৱৰ ফিজিকেল টেষ্ট ডেভলপমেন্টৰ উপস্থিতিত যাদৱক সাক্ষাৎ কৰাৰ প্ৰস্তাৱ দিছিল।

উল্লেখ্য যে, ২০১৭ চনত পাকিস্তানৰ এখন সৈন্য আদালতে ফাঁচীৰ ৰায় দিছিল কুলভূষণ যাদৱৰ বিৰুদ্ধে। পাকিস্তানৰ এই ৰায়ৰ বিৰোধিতা কৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ পিছত আইচিজেয়ে কুলভূষণ যাদৱৰ ফাঁচী স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে পাকিস্তানক। লগতে কাৰাবন্দী যাদৱক সকলোধৰণৰ কূটনৈতিক সুবিধা প্ৰদানৰো নিৰ্দেশ দিয়ে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে। আইচিজেৰ নিৰ্দেশৰ ভিত্তিতেই প্ৰথমবাৰলৈ যাদৱক কনচিউলাৰ এক্সেছ প্ৰদান কৰিছে পাকিস্তানে।

The post পাকিস্তানত কাৰাবান্দী কুলভূষণ যাদৱৰ সৈতে সোমবাৰে প্ৰথমবাৰলৈ কূটনৈকিত সাক্ষাৎ কৰিব ভাৰতে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2klcvdD
via IFTTT

Comments