চাহ কৰ্মচাৰীৰ বেতন বৃদ্ধিৰ দাবীত মঙলদৈ শাখা চাহ কৰ্মচাৰী সংঘৰ ২২ টা গোটৰ ধৰ্ণা…

ডিজিটেল সংবাদ, টংলাঃ চাহ বাগিছাত কৰ্মৰত কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ লগতে পাঁচ দফীয়া দাবী পূৰণৰ সমৰ্থনত অসম চাহ কৰ্মচাৰী সংঘই সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা তিনিদিনীয়া ধৰ্ণা কাৰ্যসূচীৰ অংশৰূপে সংঘৰ মঙলদৈ শাখাৰ অধীনস্থ দৰং-ওদালগুৰি জিলাৰ ২২ খন চাহ বাগিছাত কৰ্মচাৰীসকলে বাগিছা মুুুখ্য কাৰ্যালয়ৰ সন্মুখত হাতে হাতে বেনাৰ প্লে’কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সংঘৰ মঙলদৈ শাখাৰ অন্তৰ্গত বৰঙাজুলি, আটেৰীখাট, ডিমাকুছি, ওৰঙাজুলি, বাদলাপাৰা, ভূটিয়াচাং, পানেৰী, নোনাইপাৰা, হাতীগড়, কোৰামোৰ আদিকে ধৰি মুঠ ২২ খন চাহ বাগিছাত কৰ্মৰত কৰ্মচাৰীসকলে আজি পুৱাৰ পৰা হাতে হাতে বেনাৰ আৰু প্লে’কাৰ্ড প্ৰদৰ্শন কৰি বেতন বৃদ্ধিকে ধৰি পাঁচদফীয়া দাবীৰ সমৰ্থনত ধৰ্ণাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইয়াৰ পিছতে কৰ্মচাৰীসকললে বেতন বৃদ্ধি কৰা, সময়মতে পদন্নোতি দিয়া, অনুকম্পামূলক নিযুক্তি নীতিৰ সংশোধন ঘটোৱা, অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, খালী পদত নিযুক্তিৰ ব্যৱস্থা কৰাকে ধৰি শ্ৰম আইনৰ অধীনত চাহ কৰ্মচাৰীসকলক প্ৰাপ্য অধিকাৰ প্ৰদান কৰাৰ দাবীত পৰিচালকৰ হাতত স্মাৰকপত্ৰ অৰ্পণ কৰে ৷ দাবীসমূহ অতিশীঘ্ৰে পূৰণ নকৰিলে চাহ কৰ্মচাৰী সংঘই আৰু অধিক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি বাগিছা কৰ্তৃপক্ষক সকিয়াই দিয়ে ৷

চাহ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিকে ধৰি অন্যান্য সা-সুবিধা সন্দৰ্ভত মালিকপক্ষ আৰু চিচিপিএৰ মাজত প্ৰতি তিনি বছৰে চুক্তি সম্পাদিত হোৱাৰ নিয়ম যদিও সম্পাদিত চুক্তিখনৰ ম্যাদ ২০১৮ চনৰ মাৰ্চ মাহতে উকলি যোৱাৰ পিছতো বিগত ১৮ মাহে নতুন চুক্তি সম্পাদন কৰাৰ ক্ষেত্ৰত মালিকপক্ষই মূৰপোলোকা মাৰি বিভিন্ন অজুহাত দেখুৱাই ছবাৰকৈ বৈঠক অনুষ্ঠিত কৰিও কোনো চুক্তি নকৰাত চাহ কৰ্মচাৰীসকলক অতিষ্ঠ কৰি তোলাৰ পৰিপেক্ষিতত চাহ কৰ্মচাৰী সংঘই আন্দোলন কৰিবলৈ বাধ্য হৈছে বুলি স্মাৰকপত্ৰত উল্লেখ কৰিছে ৷

চি চি পি এ আৰু মালিক পক্ষই এইক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাত চাহ কৰ্মচাৰীসকল মুঠেই আশ্বস্ত নহয় ৷ সেয়ে চাহ কৰ্মচাৰী সংঘই ঘোষণা কৰা এলানি আন্দোলনৰ কাৰ্যসূচীৰ অংশৰূপে আজি ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰকপত্ৰ অৰ্পণ কৰে ৷

সংঘৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিলে পুনৰ অহা ৯ ছেপ্তেম্বৰত তিনিদিনীয়াকৈ বাগিছা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী, ১৬ ছেপ্তেম্বৰত প’ষ্টাৰিং, ১৭ ছেপ্তেম্বৰত কৰ্ম বিৰতি আৰু ২৬ ছেপ্তেম্বৰত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে ৷

The post চাহ কৰ্মচাৰীৰ বেতন বৃদ্ধিৰ দাবীত মঙলদৈ শাখা চাহ কৰ্মচাৰী সংঘৰ ২২ টা গোটৰ ধৰ্ণা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2kkJvTg
via IFTTT

Comments