সাৱধান হওক! জেপত থাকোতেই বিস্ফোৰণ স্মাৰ্টফোন…

ডিজিটেল ডেস্কঃ স্মাৰ্টফোনৰ বিস্ফোৰণ হোৱাতো কোনো নতুন কথা নহয়। বিভিন্ন সময়ত এনে ঘটনাই দখল কৰে সংবাদ মাধ্যমৰ শিৰোনাম। কিন্ত শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশত সংঘটিত হল এনে এক ঘটনা। জেপত থাকোতেই দাউ দাউকৈ জ্বলিল এটা স্মাৰ্টফোন। Fossbytesত প্ৰকাশ পোৱা মতে অন্ধ্ৰৰ ৩১ বছৰীয়া মধু বাবু নামৰ এজন লোকে কাৰ্যালয়লৈ যোৱাৰ পথতে সংঘটিত হয় এই ঘটনা।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মধু বাবুয়ে কোৱা মতে, তেওঁৰ জেপত আছিল Redmi 6A ৰ এটা স্মাৰ্টফোন। জেপত থাকোতেই লাহে লাহে ফোনতো গৰম হবলৈ ধৰে আৰু এটা সময়ত ফোনটোৰ পৰা ধোৱা ওলায়। লগে লগে তেওঁ ফোনটো জেপৰ পৰা ৰাস্তাত পেলাই দিয়ে আৰু সেই সময়তে জ্বলি উঠে ফোনতো।
মধুয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি ২০১৯ চনৰ এপ্ৰিলত তেওঁ ক্ৰয় কৰিছিল Redmi 6A ফোনতো। তেওঁৰ মতে ফোনতো ক্ৰয় কৰা ৪-৫ মাহৰ লৈকে সকলো ঠিকে আছিল যদিও তাৰ পাছতে বিভিন্ন অসুবিধা পোৱা গৈছিল। লগতে তেওঁ জনায় ঘৰৰ পৰা ওলোৱা ২ ঘন্টাৰ পূৰ্বে তেওঁ ফোনটো ছাৰ্জ কৰিছিল।
The post সাৱধান হওক! জেপত থাকোতেই বিস্ফোৰণ স্মাৰ্টফোন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lmRwXW
via IFTTT
Comments
Post a Comment