এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰিল স্বাধীনতা আন্দোলনত জপিয়াই পৰা সৰুপথাৰৰ মুক্তিযোদ্ধা শশীন্দ্ৰনাথ ভট্টাচাৰ্যৰ পৰিয়ালৰ লোকৰ নাম…

ডিজিটেল সংবাদ, সৰুপথাৰঃ বহু উত্কন্ঠাৰ অন্তত প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা | এই তালিকাত প্ৰকাশত প্ৰকৃত ভাৰতীয় লোকে শংকাৰ কোনো কাৰণ নাই বুলি চৰকাৰ তথা প্ৰসাশনে প্ৰচাৰ কৰিলেও কিন্তু প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত নহোৱাকৈ ৰৈ গল । বাদ পৰা নাই ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰা মুক্তিযুদ্ধাৰ পৰিয়ালো।
হয়, ভাৰতীয় স্বাধীনতা আন্দোলনৰ অমৰ সেনানী শশীন্দ্ৰ নাথ ভট্টাচাৰ্যৰ পৰিয়ালৰ নাম সন্নিবিষ্ট নহল NRC ত। ১৯৭২ চনত যোৰহাটলৈ আহি তেতিয়াৰ প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে মুক্তি যুদ্ধা শশীন্দ্ৰ নাথ ভট্টাচাৰ্যক তাম্ৰ পত্ৰ প্ৰদান কৰি মুক্তি যুদ্ধা গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিছিল,ঠিক একেদৰে ১৯৯৭ চনটো তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই গৰাকী স্বাধীনতা সেনানীক তাম্ৰপত্ৰয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।| কিন্তু পৰিতাপৰ কথা যে সেইগৰাকী মুক্তি যুদ্ধাৰ পুত্ৰ সমীৰ ভট্টাচাৰ্য,বোৱাৰী চম্পা ভট্টাচাৰ্য আৰু দুই নাতিনী ক্ৰমে কুসুমিতা আৰু কলিকাৰ নাম কিন্তু চুড়ান্ত তালিকাত অন্তৰ্ভূক্ত নহল | যাৰবাবে শংকিত হৈ পৰা পৰিলক্ষিত হৈছে যদিও তেওঁলোকৰ পৰিয়ালটো NRC ৰ চুড়ান্ত তালিকাত নাম প্ৰকাশৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ভূমিকা লবৰ বাবে অনুৰোধ জনাইছে।
উল্লেখ্য যে, ভাৰত চৰকাৰৰ পাচপৰ্ট,১৯৫৬ চন নাগৰিক্ত প্ৰমান পত্ৰ লাভ,১৯৫৫ চনৰ মাটিৰ দলিল,১৯৭১ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ন হোৱা মুক্তিযুদ্ধা শশীন্দ্ৰ নাথ ভট্টাচাৰ্যই সৰুপথাৰ কালিবাৰী হাইস্কুলত শিক্ষকতা কৰি ইতিমধ্যে অৱসৰ গ্ৰহন কৰি পেঞ্চন লাভ কৰি আছে | তেনে এটি পৰিয়ালৰ নাম NRC চুড়ান্ত তালিকাত অন্তৰ্ভূক্ত নোহোৱাটো অতিকৈ লজ্জাজনক খবৰ।
The post এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰিল স্বাধীনতা আন্দোলনত জপিয়াই পৰা সৰুপথাৰৰ মুক্তিযোদ্ধা শশীন্দ্ৰনাথ ভট্টাচাৰ্যৰ পৰিয়ালৰ লোকৰ নাম… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2jSgMVT
via IFTTT
Comments
Post a Comment